ETV Bharat / bharat

উত্তৰ প্ৰদেশত কিশোৰীক অশালীন ইংগিতঃ আত্মহত্যা

author img

By

Published : Nov 25, 2020, 9:35 AM IST

অশালীন ইংগিতৰ বলি হৈ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ নিভাডিয়া গাঁৱত মঙলবাৰে দেহত জুই লগাই আত্মহত্যা কৰে এগৰাকী 15 বছৰীয়া কিশোৰীয়ে ৷ ঘটনাটোৰ সৈতে জড়িত অভিযুক্তৰ সন্ধান আৰক্ষী লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷

Minor sets herself afire in Uttar Pradesh
উত্তৰ প্ৰদেশত কিশোৰীৰ আত্মহত্যা

নিউজ ডেস্ক,25 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ নিভাডিয়া গাঁৱত মঙলবাৰে এগৰাকী 15 বছৰীয়া কিশোৰীয়ে নিজৰ দেহত জুই লগাই আত্মহত্যা কৰে ৷ অশালীন ইংগিতৰ বলি হোৱাৰ বাবে কিশোৰী গৰাকীয়ে প্ৰাণ ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷

অৱশ্যে বৰ্তমানো ঘটনাটোৰ সৈতে জড়িত অভিযুক্তৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ৷ কিশোৰী গৰাকীৰ পৰিয়ালে জনোৱা মতে,তেওঁলোকৰ ঘৰৰ সমীপৰ এজন যুৱকে প্ৰতিদিনেই কিশোৰী গৰাকীক অপমান কৰিছিল ৷

আনহাতে সূত্ৰই সদৰি কৰা মতে,অভিযুক্ত যুৱকে দৈনিক অশালীন ইংগিত দিয়াৰ পাচত কিশোৰী গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় ৷

মঙলবাৰে নিজৰ দেহত কেৰাচিন তেল ঢালি আত্মহত্যা কৰে কিশোৰী গৰাকীয়ে ৷ ঘটনাৰ পাচতে তেওঁক মিৰ্জাপুৰৰ চৰকাৰী হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও হাস্পতালতে প্ৰাণ ত্যাগ কৰে ৷ ঘটনা সন্দৰ্ভত মিৰ্জাপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : লালু প্ৰসাদৰ জামিনৰ বিৰোধিতা চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.