ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ আহ্বান প্ৰমাণিত কৰি দেশবাসীয়ে একতাৰ পৰিচয় দাঙি ধৰিলে

author img

By

Published : Apr 6, 2020, 9:02 AM IST

বিজেপিৰ সভাপতি জেপি নড্ডাই দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে সমগ্ৰ দেশতে চাকি জ্বলাই দেশবাসীয়ে কোভিড-19ৰ বিৰুদ্ধে একতাৰে চলাই নিয়া যুঁজখন সফল হ’ব বুলি কয় তেওঁ ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডা

নিউজ ডেস্ক, 6 এপ্ৰিলঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাই দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ কোভিড-19 মহামাৰীৰ বিৰুদ্ধে অব্যাহত থকা যুঁজৰ মাজতে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে, 5 এপ্ৰিলৰ নিশা সমগ্ৰ দেশবাসীয়ে 9 মিনিটৰ বাবে চাকি জ্বলাই একতাৰ পৰিচয় দাঙি ধৰিছে বুলি উল্লেখ কৰে নড্ডাই ৷ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ ভাৰতবাসীয়ে একতাৰে কাম কৰিবলৈ ওলাই অহাটো নিশ্চিতভাৱে এক শুভ লক্ষণ বুলি মন্তব্য কৰে নড্ডাই ৷ প্ৰধানমন্ত্ৰীৰ আহ্বান অনুসৰি, নড্ডাই নিজৰ চৰকাৰী বাসগৃৃহত লাইটসমূহ বন্ধ কৰি পৰিয়ালৰ সৈতে চাকি জ্বলোৱা পৰিলক্ষিত হয় ৷

  • आदरणीय प्रधानमंत्री @NarendraModi जी के आवाहन पर आज सम्पूर्ण देश ने Covid-19 के विरुद्ध लड़ाई में एकजुटता दिखाते हुए दिये जलायें। #9pm9minutes pic.twitter.com/IXMKg02ubu

    — Jagat Prakash Nadda (@JPNadda) April 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দেওবাৰে নিশাৰ ভাগত সমগ্ৰ দেশবাসীয়ে নিজ নিজ বাসগৃহৰ বৈদ্যুতিক চাকিসমূহ বন্ধ কৰি কেণ্ডেল, চাকি আৰু মোবাইল ফ্লাছ জ্বলাই প্ৰধানমন্ত্ৰীৰ আহ্বান পালন কৰে ৷ ইয়ে দেশবাসীক কোভিড-19 বিৰুদ্ধে কাম কৰি যাবলৈ উদ্বুদ্ধ কৰিব বুলিও কয় নড্ডাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.