ETV Bharat / bharat

সমগ্ৰ বিহাৰেই মোৰ পৰিয়ালঃ নীতিশ কুমাৰ

author img

By

Published : Oct 25, 2020, 8:03 PM IST

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰধান বিৰোধী দল আৰ জে ডিৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক তীব্ৰ সমালোচনা কৰাৰ লগতে কয় যে, সমগ্ৰ বিহাৰেই তেওঁৰ পৰিয়াল ৷ বিহাৰৰ ফুলপৰশ জিলাত এক নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য কৰে নীতিশ কুমাৰে ৷

Nitish Kumar
Nitish Kumar

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : বিহাৰৰ ফুলপৰশ জিলাত এক নিৰ্বাচনী সভাত অংশ লৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰধান বিৰোধী দল আৰ জে ডিৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক তীব্ৰ সমালোচনা কৰাৰ লগতে কয় যে, সমগ্ৰ বিহাৰেই তেওঁৰ পৰিয়াল ৷ কুমাৰৰ মন্তব্যটো আছিল এনেধৰণৰ, ‘‘বেলেগৰ কাৰণে পত্নী, পুত্ৰ, জীয়াৰী আৰু নিৰ্দিষ্ট কেইগৰাকীমান সদস্যহে হৈছে পৰিয়াল ৷ কিন্তু মোৰ বাবে সমগ্ৰ বিহাৰখনেই হৈছে পৰিয়াল ৷ জনতাক সেৱা কৰাতো মোৰ কৰ্তব্য ’’ ৷

ইয়াৰ লগতে নীতিশ কুমাৰে আৰু কয় যে, বিহাৰৰ অৱস্থা যথেষ্ট শোচনীয় আছিল ৷ ব্যাপক হাৰত ৰাজ্যখনত অপৰাধ সংঘটিত হৈছিল ৷ উন্নয়নৰ মাত্ৰা আছিল প্ৰায় শূন্য ৷ কিন্তু জনতা দল (ইউ) শাসনলৈ অহাৰ পাচত সকলো সনলি হৈছে ৷ ন্যায় সহকাৰে সৰ্বাংগীন উন্নতি সাধন কৰিছে এই চৰকাৰে ৷ শীলা মণ্ডলে জনতা দল(ইউ)ৰ হৈ ফুলপৰশ সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা কৰিব ৷ শীলাৰ প্ৰতিপক্ষৰ প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ কৃপানাথ ঠাকুৰ আৰু লোক জন শক্তি পাৰ্টীৰ বনদ কুমাৰ সিং ৷

2015 চনত বিহাৰত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনত জনতা দল(ইউ)ৰ গুলজাৰ দেৱীয়ে এই সমষ্টিৰ পৰা জয় লাভ কৰিছিল ৷ তেতিয়া সেই সমষ্টিৰ এন ডি এ প্ৰাৰ্থী আছিল এগৰাকী মহিলা ৷ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উল্লেখ কৰিবলৈ নাপাৰিলে যে, তেওঁৰ চৰকাৰে মহিলাসকলৰ উন্নয়নৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ তেওঁ কয় যে, মহিলা সকলে তেওঁলোকৰ প্ৰাপ্য সন্মান লাভ কৰিছে ৷

নীতিশ কুমাৰে কয় যে, পূৰ্বতে মহিলাৰ বাবে কোনো ৰাজহুৱা মঞ্চ নাছিল ৷ কিন্তু, জে ডি(ইউ) চৰকাৰে মহিলাক এখন মঞ্চ দিলে, সুযোগ দিলে ৷ হাতত হাত ধৰি মহিলাই আগুৱাই যোৱাৰ সুবিধা নাপালে উন্নয়ন অসম্ভৱ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বিহাৰ বিধান সভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ 28 অক্টোবৰ, 3 নবেম্বৰ আৰু 7 নবেম্বৰত অনুষ্ঠিত হ’ব তিনিটা পৰ্যায়নৰ ভোট গ্ৰহণ ৷ আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব 10 নবেম্বৰত ৷

লগতে পঢ়ক : প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.