নিউজ ডেস্ক,১৯জুনঃ ভাৰতীয় উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক দেশত ক'ৰণা পৰীক্ষাৰ হাৰ,ৰাজ্য সমূহক কেন্দ্ৰীয় চৰকাৰে কি দৰে সহায় সহযোগিতা কৰিছে ৰাজ্য চৰকাৰ সমূহক সেই বিষয়ে ক্ষতিয়ান দাঙি ধৰিবলৈ কয় । কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে আমি যিমান পাৰি সিমান ৰাজ্য চৰকাৰ সমূহক পৰীক্ষা কৰি যাবলৈ আহ্বান জনাইছো আৰু কেন্দ্ৰীয় চৰকাৰে যিমান পাৰি সিমান সহায়ৰ হাত আগবঢাইছো বুলি ন্যায়ালয়ক জনায় । আনহাতে মহাৰাষ্ট্ৰত সকলোত কৈ বেছি ক'ৰণা পৰীক্ষা কৰি থকা হৈছে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতা কৰিছে বুলি উল্লেখ কৰে । ন্যায়ালয়ে এনে পদক্ষেপ শলাগ লৈছে ।
![কোভিড -১৯ পৰীক্ষাৰ হাৰ সম্বন্ধে প্ৰশ্ন কেন্দ্ৰীচৰকাৰক উচ্চতম ন্যায়লয়ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:48:22:1592561902_7682699_312_7682699_1592559901373.png)
ইপিনে ন্যায়ধীশ অশোক ভূষণ আৰু এম আৰ শ্বাহ আদালতে ভালদৰে ক'ৰণা আক্ৰান্ত ৰোগীৰ চিকিৎসা আৰু ক'ৰণাত মৃত্যু হোৱা ব্যক্তিসকলৰ মৃতদেহৰ অৱহেলাৰ গোচৰ সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰে । লগতে বিভিন্ন ৰাজ্যত ক'ৰণা সংক্ৰান্তত সংঘটিত হৈ থকা ঘটনাবোৰ বিষয়ে ন্যায়ালয়ে গুৰুত্ব সহকাৰে লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰে ।
লগতে পঢকঃ ২ মিলিয়ন কোভিড-১৯ৰ ভেকচিন প্ৰস্তুতি অহা বছৰলৈ সম্পূৰ্ণ হ'ব : বিশ্ব স্বাস্থ্য সংস্থা