নিউজ ডেস্ক, 10 এপ্ৰিলঃ ভাৰত চৰকাৰে শুকুৰবাৰে কয় যে, ভাৰতত পৰ্যাপ্ত পৰিমানে মজুত আছে COVID-19 প্ৰতিৰোধৰ ক্ষেত্ৰত আটাইতকৈ বেচি কামত অহা দৰৱ হাইড্ৰক্সিক্লৰ'কুইন ৷ ভাৰতত যাতে কোনো কাৰনতেই ঘৰুৱা বজাৰত ইয়াৰ পৰিমান কমি নাযায় তাৰ বাবে চৰকাৰে যথেষ্ট গুৰুত্ব দিছে ।
COVID-19 ৰ সংকটময় সময়ত এইবিধ দৰব প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে 'গেম চেঞ্জাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হৈ আছে ।
সাধাৰণতে মেলেৰিয়া ৰোধৰ বাবে ব্যৱহৃত হোৱা এইবিধ দৰব ভাৰতেই সৰ্বাধিক প্ৰস্তুত কৰে ।
"ইয়াত যথেষ্ট পৰিমানে হাইড্ৰক্সিক্লৰ'কুইন উপলব্ধ হৈ আছে । আমি প্ৰতিদিনে ইয়াৰ চাহিদা, উপলব্ধতা আৰু উৎপাদন সম্পৰ্কে নজৰ দি আছো । প্ৰথমে নিজৰ দেশৰ উপলব্ধতাক অগ্ৰাধিকাৰ দিয়া হৈছে । তাৰ পাচতে চাহিদা অনুযায়ী ৰপ্তানি কৰা হৈছে ।"- পিটিআই ক দিয়া সাক্ষাৎকাৰত এইদৰে কয় ভাৰতীয় ঔষধি গুণাগুন নিৰ্ধাৰক প্ৰাধিকৰণৰ অধ্যক্ষ শুভ্ৰ সিঙে ।
ভাৰতে বিশ্বৰ চাহিদাৰ 70 শতাংশ হাইড্ৰক্সিক্লৰ'কুইন প্ৰস্তত কৰে ।