ETV Bharat / bharat

পুলৱামাত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

পুলৱামাত সন্দহজনক সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰাৰ পিচতে সেনা আৰু চিআৰপিএফৰ লগতে আৰক্ষীয়ে এক অভিযানৰ নেতৃত্ব দিয়ে । অভিযানকালৰ সময়তে নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলিবৰ্ষন কৰে সন্ত্ৰাসবাদীৰ দলটোৱে । ইতিমধ্যে অঞ্চলটোত সংঘৰ্ষ অব্যাহত আছে ।

পুলৱামাত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী
পুলৱামাত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী
author img

By

Published : May 2, 2020, 11:57 AM IST

নিউজ ডেস্ক, 2 মে' : জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত লিপ্ত হৈছে সন্ত্ৰাসবাদীৰ দল । অঞ্চলটোত সন্দেহজনক সন্ত্ৰাসবাদীৰ দল লুকাই থকাৰ বিষয়ে তথ্য লাভ কৰি সেনা, আৰক্ষী আৰু চিআৰপিএফে এক অভিযানৰ নেতৃত্ব দিছিল । এই অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ দলটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলিচালনা কৰে সন্ত্ৰাসবাদীৰ দলটোৱে । জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই তথ্য সদৰী কৰিছে । অঞ্চলটোত বৰ্তমানেও সংঘৰ্ষ চলি আছে বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে নিৰাপত্তা বাহিনীয়ে পুলৱামাৰ ডাংগেৰপাৰা অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলাই আছে । শনিবাৰে ৰাতিপুৱাৰ ভাগত এইদৰে নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ দলটো । ঘটনাস্থলীত এতিয়াও সংঘৰ্ষ অব্যাহত আছে আৰু কোনপক্ষৰ পৰা কিমান হতাহত হৈছে সেয়া জানিব পৰা হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ ৰেলৱেৰ যাত্ৰী পৰিবহন সেৱা ১৭ মে'লৈকে ব্যাহত থাকিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.