ETV Bharat / bharat

তুৰাত নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন - Etv Bharat Assam

মেঘালয়ত ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তুৰা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে পশ্চিম গাৰো পাহাৰ জিলাৰ জিলা প্ৰশাসনে। ইতিমধ্যে বিভিন্ন স্থানত ই ভি এম, ভি ভি পেট মেচিন ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ অব্যাহত ৰাখিছে জিলা প্ৰশাসনে ৷

তুংগত উঠিছে মেঘালয়ৰ তুৰা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰস্তুতি
author img

By

Published : Mar 30, 2019, 4:48 AM IST

গুৱাহাটী, 30 মাৰ্চ: নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পাচত তুৰা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো বিধানসভা সমষ্টিত তিনিটাকৈ ফ্লাইং স্কোৱাড মোতায়েন কৰা হৈছে। ইয়াৰ লগতে নিৰ্বাচনী আয়োগে পোনপ্ৰথমবাৰৰ বাবে চিভিজিল নামৰ এটা মোবাইল এপ প্ৰস্তুত কৰি উলিয়াইছে৷ এই এপটোৰ জৰিয়তে জনতাই নিৰ্বাচনী অধিসূচনা ভংগ কৰাৰ যিকোনো অভিযোগ দাখিল কৰিব পাৰে৷ জনতাৰ অভিযোগৰ ভিত্তিত ফ্লাইং স্কোৱাডে লগে লগে অভিযোগৰ তদন্ত কৰিব পাৰিব।

তুংগত উঠিছে মেঘালয়ৰ তুৰা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰস্তুতি

পশ্চিম গাৰো পাহাৰ জিলাৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাম সিঙে সদৰি কৰা অনুসৰি বৰ্তমানলৈকে তুৰা লোকসভা সমষ্টিত প্ৰায় 560গৰাকী বিশেষভাৱে সক্ষম ভোটাৰক চিনাক্ত কৰা হৈছে৷ তেওঁলোকে ভোটদানৰ সময়ত যাতে কোনো ধৰণৰ কষ্টৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছে। আনহাতে যুৱ প্ৰজন্মই যাতে ভোটদান সাব্যস্ত কৰে তাৰবাবে বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰিছে ৷

লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে পশ্চিম গাৰো পাহাৰ জিলাৰ জিলা প্ৰশাসনে

গুৱাহাটী, 30 মাৰ্চ: মেঘালয়ৰ তুৰা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে পশ্চিম গাৰো পাহাৰ জিলাৰ জিলা প্ৰশাসনে। ইতিমধ্যে বিভিন্ন স্থানত ই ভি এম, ভি ভি পেট মেচিন ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ দিছে জিলা প্ৰশাসনে৷ 

নিৰ্বাচনী অধিসূচনা জাৰী হোৱাৰ পিচত তুৰা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো বিধানসভা সমষ্টিত তিনিটাকৈ ফ্লাইং স্কোৱাড মোতায়েন কৰা হৈছে। ইয়াৰ লগতে নিৰ্বাচনী আয়োগে পোনপ্ৰথমবাৰৰ বাবে চিভিজিল নামৰ এটা মোবাইল এপ প্ৰস্তুত কৰি উলিয়াইছে৷ এই এপটোৰ জৰিয়তে জনতাই নিৰ্বাচনী অধিসূচনা ভংগ কৰাৰ যিকোনো অভিযোগ দাখিল কৰিব পাৰে৷ জনতাৰ অভিযোগৰ ভিত্তিত ফ্লাইং স্কোৱাডে লগে লগে অভিযোগৰ তদন্ত কৰিব পাৰিব। 

পশ্চিম গাৰো পাহাৰ জিলাৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাম সিঙে সদৰি কৰা অনুসৰি বৰ্তমানলৈকে তুৰা লোকসভা সমষ্টিত প্ৰায় 560 গৰাকী বিকলাঙ্গ ভোটাৰক চিনাক্ত কৰা হৈছে৷ তেওঁলোকে ভোটদানৰ সময়ত যাতে কোনো ধৰণৰ কষ্টৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.