ETV Bharat / bharat

6 নৱেম্বৰত ভাৰত-চীন সেনাৰ অষ্টমলানি কামাণ্ডাৰ বৈঠক - প্ৰকৃত নিয়ন্ত্ৰণৰেখা

পূৱ লাডাখৰ ছুছুলত 6 নৱেম্বৰত অনুষ্ঠিত হ'ব ভাৰতীয় স্থলসেনা আৰু চীনৰ পিএলএৰ মাজৰ ক'ৰ কামাণ্ডাৰ বৈঠক ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ এয়া হৈছে দুয়োখন দেশৰ মাজত হোৱা অষ্টমলানি আলোচনা ৷

6 নৱেম্বৰত ভাৰত-চীন সেনাৰ অষ্টমলানি কামাণ্ডাৰ বৈঠক

author img

By

Published : Nov 5, 2020, 12:08 PM IST

নিউজ ডেস্ক, 5 নৱেম্বৰ : ভাৰত আৰু চীনৰ সেনাৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ'ব ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি আলোচনা ৷ দুয়োখন দেশৰ মাজৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পূৱ লাডাখৰ ছুছুলত অহাকালি আলোচনাত মিলিত হ'ব দুয়োখন দেশৰ স্থলসেনাৰ এটা প্ৰতিনিধি দল ৷ ভাৰতীয় স্থলসেনাৰ হৈ 14 ক'ৰৰ জিঅচি-ইন-চি লেফ. জেন. পিজিকে মেননে প্ৰতিনিধিত্ব কৰিব ভাৰতীয় প্ৰতিনিধিৰ দলটো ৷

লগতে পঢ়ক : ভাৰত আহি পালে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখনকৈ বিমান

প্ৰায় চাৰিমাহ ধৰি হৈ থকা পৰিস্থিতিৰ মাজতে 20গৰাকীকৈ সৈনিকৰ বলিদানৰ অন্তত ভাৰতীয় স্থলসেনাই চীনক প্ৰতিহত কৰাৰ লগতে পাংগং ছ্য হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ওখ স্থান অধিগ্ৰহণ কৰিছিল ৷ ভাৰতৰ এই অভিযানক লৈ চীনে আপত্তি দৰ্শাইছিল যদিও ভাৰতীয় স্থলসেনাই অধিগ্ৰহণ কৰা স্থান প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ভাৰতীয় দিশতে অৱস্থিত ৷ ওলোটাই চীনে ইয়াক বলপূৰ্বক অধিগ্ৰহণ কৰি আছিল ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰক লৈ চিডিএছৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.