ETV Bharat / bharat

আকৌ EDৰ হাতত গ্ৰেপ্তাৰ হ'ব পাৰে চিদাম্বৰম

আই এন এক্স মিডিয়া গোচৰত সাঙোৰ খাই পৰা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি. চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লাগিছে এনফৰ্ছমেণ্ট ডাইৰেক্টৰ বিভাগ ৷ সোমবাৰে বিভাগটোৱে দিল্লৰ এখন আদালতত এই বিষয়ে এক আবেদন দাখিল কৰে ৷

author img

By

Published : Oct 14, 2019, 7:02 PM IST

প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি. চিদাম্বৰম

নিউজ ডেস্ক, 14 অক্টোবৰঃ INX মিডিয়া গোচৰত পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি. চিদাম্বৰম ৷ সোমবাৰে ED বিভাগে দিল্লীৰ এখন আদালতত চিদাম্বৰমৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ এখন আবেদন দাখিল কৰে ৷

লগতে পঢ়কঃ ৰাম জন্মভূমিত জাৰি সান্ধ্য আইন

সংবাদমাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে তুষাৰ মেহতাই ৷ বিগত শুনানিৰ সময়ত মেহতাই চিদাম্বৰমৰ দেশৰ বাহিৰত থকা কোম্পানী আৰু 17টা বেংক একাউন্টৰ তথ্যৰ বাবেই EDৰ জিম্মাত লোৱাৰ বাবে অনুমতি বিচাৰি আবেদন জনাব বুলি প্ৰকাশ কৰিছিল ৷ "Prevention of Money Laundering Act" ৰ অধীনত চিদাম্বৰমক EDৰ জিম্মাত লোৱাটো খুবেই প্ৰয়োজনীয় বুলি যুক্তি আগবঢ়াইছিল তুষাৰ মেহতাই ৷

লগতে পঢ়কঃ কাশ্মীৰত আৰম্ভ হ'ল পোষ্টপেইড ম'বাইল সেৱা

অৱশ্যে এই কথা পোনচাটেই নাকচ কৰে অধিবক্তা কপিল চিব্বালে ৷ পি চিদাম্বৰমৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়ে EDয়ে আগবঢ়োৱা আবেদনখন যথোপযুক্ত যুক্তিৰ ভিত্তিত প্ৰতিষ্ঠিত নহয় বুলি যুক্তি প্ৰদৰ্শন কৰে ৷

লগতে পঢ়কঃ ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জীলৈ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল

সদ্যহাতে চিবিআইৰ ন্যায়িক জিম্মাত তিহাৰ জেলত বন্দী হৈ আছে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰীগৰাকী ৷ অক্টোবৰ মাহৰ 17 তাৰিখত তেখেতৰ ন্যায়িক জিম্মাৰ পৰিসৰ সমাপ্ত হ'ব ৷

Intro:Body:

চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি বিচাৰি আবেদন EDৰ 

আইএনএক্স মিডিয়া গোচৰত সাঙোৰ খাই পৰা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি. চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লাগিছে ED বিভাগ ৷ সোমবাৰে বিভাগটোৱে দিল্লৰ এখন আদালতত এই বিষয়ে এক আবেদন দাখিল কৰে ৷ 

নিউজ ডেস্ক, 14 অক্টোবৰঃ INX মিডিয়া গোচৰত পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি. চিদাম্বৰম ৷ সোমবাৰে ED বিভাগে দিল্লীৰ এখন আদালতত চিদাম্বৰমৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ এখন আবেদন দাখিল কৰে ৷ 

তুষাৰ মেহতাই সংবাদমাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে ৷ বিগত শুনানিৰ সময়ত মেহতাই চিদাম্বৰমৰ দেশৰ বাহিৰত থকা কোম্পানী আৰু 17টা বেংক একাউন্টৰ তথ্যৰ বাবেই EDৰ জিম্মাত লোৱাৰ বাবে অনুমতি বিচাৰি আবেদন জনাব বুলি প্ৰকাশ কৰিছিল ৷ "Prevention of Money Laundering Act"ৰ অধীনত চিদাম্বৰমক EDৰ জিম্মাত লোৱাটো খুবেই প্ৰয়োজনীয় বুলি যুক্তি আগবঢ়াইছিল তুষাৰ মেহতাই ৷ 

অৱশ্যে এই কথা পোনচাটেই নাকচ কৰে অধিবক্তা কপিল চিবালে ৷ পি চিদাম্বৰমৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়ে EDয়ে আগবঢ়োৱা আবেদনখন যথোপযুক্ত যুক্তিৰ ভিত্তিত প্ৰতিষ্ঠিত নহয় বুলি যুক্তি প্ৰদৰ্শন কৰে ৷ 

সদ্যহাতে চিবিআইৰ ন্যায়িক জিম্মাত তিহাৰ জেলত বন্দী হৈ আছে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰীগৰাকী ৷ অক্টোবৰ মাহৰ 17 তাৰিখত তেখেতৰ ন্যায়িক জিম্মাৰ পৰিসৰ সমাপ্ত হ'ব ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.