ETV Bharat / bharat

কাপৰ সৈতে চোবাই খাব পৰা একাপ বিশেষ চাহ

author img

By

Published : Dec 7, 2020, 9:21 PM IST

ধৰি লওক আপুনি একাপ চাহ খাবলৈ লৈছে ৷ এচুমুক দুচুমকৈ আপুনি চাহকাপ খাই শেষ কৰিলে ৷ তাৰ পাচত আপুনি কাপটো কি কৰিব ৷ হয়তো চীনা মাটি অথবা কাঁচ আদিৰ হ’লে থৈ দিব নাইবা মাটিৰ অথবা কাগজৰ হ’লে পেলাই দিব ৷ কাপটোক লৈ বৰ বিশেষ চিন্তা নাথাকে আপোনাৰ ৷ কিন্তু এনেকুৱা কাপ কেতিয়াবা দেখিছে নে, যিটো খাই পেলাব পাৰি ৷

Eat the teacup for a quick snack after drinking the tea served in it
কাপৰ সৈতে চোবাই খাব পৰা একাপ বিশেষ চাহ

নেশ্যনেল ডেস্ক : কেৰালাৰ এজন ব্যৱসায়ীয়ে প্ৰস্তুত কৰিছে এটা বিশেষ কাপ, যিটোত চাহ খোৱাৰ পাচত আপুনি কাপটোও খাব পাৰে ৷ কেৰালাৰ থ্ৰিচুৰৰ এ আৰ মেনন পথত অৱস্থিত ৰাধাকৃষ্ণ বেকাৰীত উপলব্ধ এই বিশেষ কাপটো ৷ ইয়াক নাম দিয়া হৈছে বিস্কুট চাহ ৷

এই বিশেষকাপটো বিস্কুট জাতীয় প্ৰদাৰ্তৰে প্ৰস্তুত কৰা হয় ৷ ইয়াত চাহ বা আন জুলীয়া পদৰ্থ প্ৰায় 20 মিনিট পৰ্যন্ত ৰাখিব পাৰি ৷ এইখিনি সময়ৰ ভিতৰত কাপটো গলি নাযায় ৷ ৰাধাকৃষ্ণ বেকাৰীৰ স্বত্বাধিকাৰী প্ৰশান্তে কয় যে, সম্পূৰ্ণ নতুন প্ৰক্ৰিয়া ৰূপে ইয়াক আৰম্ভ কৰা হৈছিল ৷ কিন্তু সকলোৱে আচৰিত ধৰণে ইয়াক আঁকোৱালি লয় ৷ বিভিন্ন স্থানৰ মানুহ ৰাধাকৃষ্ণ বেকাৰীলৈ আহে কেৱল ইয়াৰ সোৱাদ ল’বলৈ ৷

কাপৰ সৈতে চোবাই খাব পৰা একাপ বিশেষ চাহ

প্ৰতি কাপ বিস্কুট চাহৰ মূল্য হৈছে 20 টকা আৰম্ভণিৰ পৰাই গ্ৰাহকে বিস্কুট চাহক আদৰি লোৱাৰ লগতে প্ৰতিদিনে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে ৷ যুৱচামৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰি পৰিছে এই বিস্কুট চাহ ৷ চাহ বিক্ৰেতা গৰাকীয়েও একক ব্যৱহৃত চাহৰ কাপতকৈ ইয়াক বেছি প্ৰাধান্য দিছে ৷ অতিশীঘ্ৰে হায়দৰাবাদতো উপলব্ধ হ’ব এই বিস্কুট চাহ ৷

লগতে পঢ়ক : জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.