ETV Bharat / bharat

চীনৰ বৈদেশিক মন্ত্ৰীৰে মস্কোত মিলিত হ'ব মন্ত্ৰী জয়শংকৰ - বৈদেশিক মন্ত্ৰণালয়

এছ. জয়শংকৰে অতি সোনকালে মস্কোত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে বৈঠকত মিলিত হ'ব ৷ সীমান্তত বৃদ্ধি পোৱা উদ্বিগ্নতা সম্পৰ্কত এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা ৷

সীমান্তত বৃদ্ধি পোৱা উদ্বিগ্নতা সম্পৰ্কত আলোচনা কৰাৰ সম্ভাৱনা
চীনৰ বৈদেশিক মন্ত্ৰীৰে মস্কোত মিলিত হ'ব মন্ত্ৰী জয়শংকৰ
author img

By

Published : Sep 11, 2020, 5:42 AM IST

নেশ্যনেল ডেস্ক, 11 ছেপ্তেম্বৰ : দেশৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে অতি সোনকালে মস্কোত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে মিলিত হ'ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে বৈদেশিক মন্ত্ৰণালয়ে ৷

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ সংঘৰ্ষ তথা উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে দুই বৈদেশিক মন্ত্ৰীয়ে এক বৈঠকত অংশগ্ৰহণ কৰিব ৷ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, চাৰি মাহজোৰা সীমান্তৰ উদ্বিগ্নতা সম্পৰ্কত বৈঠকত আলোচনা কৰা হ'ব ৷

উল্লেখ্য যে,ছাংঘাই কো-অপাৰেছন অৰ্গেনাইজেশ্যনৰ (SCO) বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে মস্কোত উপস্থিত হৈছে জয়শংকৰ আৰু ৱাং ৷ লাডাখত বৃদ্ধি পোৱা উদ্বিগ্নতা সম্পৰ্কতে দুয়োগৰাকী নেতাই আলোচনা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

যোৱা শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ৱেই ফেংঘেৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো যোগাত্মক ফলাফল লাভ কৰা নগ'ল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.