নেশ্যনেল ডেস্ক, 9 জুলাই : কোভিড-19ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই বাংগালুৰু চহৰৰ প্ৰতিটো জ’নত মন্ত্ৰীসকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ উদ্দেশ্য হৈছে মহামাৰীৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে বিভিন্ন উপায় পৰিচালনা কৰা ৷ আইন তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী জে চি মধুস্বামীয়ে সংবাদ মাধ্যমযোগে সদৰি কৰে এই কথা ৷
তেওঁ জানিবলৈ দিয়া মতে, বাংগালুৰু চহৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈচিক সচিব এছ আৰ বিশ্বনাথক পূৱ জ’নত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ নাগৰিক সংস্থা ব্ৰুহাট বাংগালুৰু মহানগৰ পালিকাৰ অধীনত বাংগালুৰুত মুঠ 8 টা প্ৰশাসনিক জ’ন আছে ৷
বুধবাৰৰ আবেলিৰ প্ৰতিবেদন অনুসৰি, কৰ্ণাটকত সম্প্ৰতি কোভিড-19ত আক্ৰান্তৰ সংখ্যা 28,877 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ইয়াৰে 12,509 গৰাকী ৰোগী বাংগালুৰুৰ চহৰাঞ্চলৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি বুধবাৰৰ মুঠ 2,062 টা নতুন ঘটনাৰ ভিতৰত 1,148 টা ঘটনাই ৰাজধানী বাংগালুৰুৰ ৷
কেবিনেটৰ এই সিদ্ধান্তৰ ভিতৰত জিলা পৰ্যায়ত কোভিড হাস্পতাল আৰু বিচনাৰ সংখ্যা বৃদ্ধি, উন্নত মানদণ্ডৰ অক্সিজেন সৰবৰাহকাৰী সঁজুলি, টেষ্টৰ পৰিমাণ বৃদ্ধি আৰু কম সময়ৰ ভিতৰত ইয়াৰ ফলাফল আদি বিষয়সমূহো অন্তৰ্ভুক্ত হৈ আছে ৷
লগতে পঢ়ক : কোভিড-১৯ৰ সংক্ৰমণ ৰোধিবলৈ নিয়োগ কামাণ্ডো বাহিনী