নেশ্যনেল ডেস্ক, 12 চেপ্তেম্বৰঃ ভাৰতে বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ ফায়াৰিং ৰেঞ্জৰ পৰা মেন পৰ্টেবল এন্টি টেংক গাইডেদ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষণ সম্পন্ন কৰে ৷ এই ক্ষেপণাস্ত্ৰৰ ক্ষেপণাস্ত্ৰ প্ৰণালীৰ তৃতীয় সফল ফায়াৰিং ৷ ভাৰতীয় সেনাক প্ৰয়োজন আছিল এন্টি টেংক গাইডেদ ক্ষেপণাস্ত্ৰৰ আৰু এই পৰীক্ষণৰ সফলতাই এই আৱশ্যকতা পূৰ্ণ কৰিব ৷
বৰ্তমান ভাৰতীয় সেনাই আমদানীকৃত মিলান 2T আৰু কংকোৰ্চ ৰাছিয়ান এন্টি টেংক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি আছে যদিও এই সকলো ভিন্টেজ ক্ষেপণাস্ত্ৰ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ক এই সফলতাৰ বাবে অভিনন্দন জনাই ৷