ETV Bharat / bharat

জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

author img

By

Published : Oct 15, 2020, 8:28 AM IST

ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি অৰ্থাৎ মিছাইল মানৱ ড৹ এপিজে আব্দুল কালাম আজাদৰ জন্ম জয়ন্তী উপলক্ষে ইটিভি ভাৰতৰ এক প্ৰতিবেদন...

Dr. APJ Abdul Kalam Azad Birth Anniversary
ড৹ এপিজে আব্দুল কালাম আজাদৰ জন্ম জয়ন্তী

নিউজ ডেস্ক,15 অক্টোবৰ: আজি ভাৰতৰ ‘মিছাইল মানৱ’ খ্যাত ড৹ এপিজে আব্দুল কালাম আজাদৰ জন্ম জয়ন্তী ৷ জন্মদিন উপলক্ষে সমগ্ৰ দেশে শ্ৰদ্ধাৰে স্মৰণ কৰিছে মিছাইল মানৱ গৰাকীক ৷

1931 চনৰ আজিৰ দিনটোতে তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ৷ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থা হোৱা হেতুকে পৰিয়ালক সকাহ দিবলৈ সৰুৰে পৰাই অৰ্থাৎ স্কুলীয়া শিক্ষা সম্পন্ন কৰাৰ পাচতেই তেওঁ বাতৰি বিক্ৰীৰ কাম হাতত লৈছিল ৷

সৰুকালৰ পৰাই পঢ়া-শুনাত নিষ্ঠাবান আব্দুল কালামে 1954 চনত তিৰুচিৰাপল্লীৰ চেইণ্ট জোচেফচ্ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে ৷ ইয়াৰ পাচত তেওঁ মাদ্ৰাজলৈ গৈ মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন’ল’জীৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিং বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ৷

  • Paying my heartfelt respect to the Former President of India, Missile Man, Bharat Ratna Dr. APJ Abdul Kalam Ji on his birth anniversary.
    He was remembered as a People's President who inspired people across the world with his vision and work for humanity at large. pic.twitter.com/q4ztCupZau

    — Jagat Prakash Nadda (@JPNadda) October 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ এগৰাকী মহাকাশ বিজ্ঞানী হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত কাৰ্যনিৰ্বাহ কৰিছিল ৷ 1974 চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাচত 1998 চনত হোৱা ভাৰতৰ ‘পোখৰান-2’ পাৰমাণৱিক পৰীক্ষণত এপিজে আব্দুল কালামে কাৰিকৰী দিশৰ লগতে ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল ।

2002 চনত কালামে লক্ষ্মী শ্বেহগলক ৰাষ্ট্ৰপতীয় নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় । ইয়াৰ পাচত তেওঁ আহমেদাবাদ আৰু ইন্দোৰস্থিত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ অতিথি প্ৰধান অধ্যাপক,থিৰুৱন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram)ৰ উপাচাৰ্য,চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ'স্পেছ ইঞ্জিনিয়াৰঙৰ প্ৰধান অধ্যাপক আৰু মহীশূৰৰ JSS বিশ্ববিদ্যালয়ৰ লগতে আন কেইবাখনো গৱে‍ষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

  • Remembering Bharat Ratna Dr. APJ Abdul Kalam on his jayanti. A visionary leader and architect of India's space & missile programmes, who always wanted to build a strong and self-reliant India. His immortal legacy in the field of science and education is an epitome of inspiration. pic.twitter.com/QzPW7IDMWs

    — Amit Shah (@AmitShah) October 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2020 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্যদালৈ লৈ যাবলৈ তেওঁ নিজৰ ‘India 2020’ নামৰ গ্ৰন্থখনৰ যোগেদি নিজ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল । জীৱন কালত বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰেও বিভূষিত হৈছে বিজ্ঞানী গৰাকী ।

বি‍শেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেওঁ উৎসাহমূলক বক্তৃতা আৰু আলোচনাৰ বাবে তেওঁ যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় আছিল । আনকি 2011 চনত যুৱ প্ৰজন্মৰ বাবে তেওঁ ‘What Can I Give Movement’ নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ কৰা ।

2015 চনৰ 27 জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰা পাচত বেথানী হাস্পতালত ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷

লগতে পঢ়ক: কোন হ'ব আইচিচিৰ নতুন অধ্যক্ষ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.