নিউজ ডেস্ক, ১৮ জানুৱাৰী : হোৱাটছ এপ্পৰ নতুন নীতি সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ মন্তব্য । সোমবাৰে ন্যায়ালয়ে কয় যে হোৱাটছ এপ্পৰ নতুন গোপনীয়তা নীতিক স্বীকাৰ কৰাটো এক স্বতঃস্ফূৰ্ত আছিল । যদি কোনো ব্যক্তিয়ে এই নতুন নিয়ম আৰু চৰ্তৰে সহমত নহয় তেন্তে সেই ব্যক্তিজনে হোৱাটছ এপ্প ব্যৱহাৰ নকৰিবলৈ অন্যথা তাত অন্তৰ্ভুক্ত হ'বলৈ বিকল্প ব্যৱস্থা বাচনি কৰিব নোৱাৰিব । এই নতুন নিয়ম অহা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু মে' মাহলৈ ইয়াক স্থগিত ৰাখে ।
লগতে আদালতে কয় যে যদি অধিকাংশ মোবাইল এপ্পছৰ নিয়ম আৰু চৰ্তসমূহ নিৰীক্ষণ কৰে তেন্তে আচৰিত হ'বলগীয়া কথা যে ইয়াৰ বাবে সহমত প্ৰকাশ কৰিছে নে নাই সেইটো বুজায় । ইয়াৰোপৰি গুগল মানচিত্ৰই হোৱাটছ এপ্প ব্যৱহাৰকাৰীৰ সকলো তথ্য আহৰণ কৰি ল'ব ।
নতুন নীতি সন্দৰ্ভত আবেদনকাৰীয়ে দাখিল কৰা অনুসৰি ব্য়ক্তিগত তথ্য ফাদিল হ'ব নে নাই এই সন্দৰ্ভত বিচাৰ কৰাটো নিত্যান্তই আৱশ্যক বুলি কেন্দ্ৰীয় চৰকাৰেও সহমত প্ৰকাশ কৰে । ২৫ জানুৱাৰীত ইয়াৰ শুনানি গ্ৰহণ কৰা হ'ব ।
হোৱাটছ এপ্প, ফেচবুক সন্দৰ্ভত প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু মুকুল ৰোহাত্যাগীয়ে আদালতক কয় যে এই সন্দৰ্ভত উত্থাপন কৰা তথ্যসমূহ ভিত্তিহীন ।
নতুন নিয়ম অনুসৰি কোনো ব্যক্তিয়ে পৰিয়াল অথবা বন্ধু বৰ্গৰে কৰা মেচেজসমূহ সুৰক্ষিত হৈ থাকিব আৰু হোৱাটছ এপ্পে ইয়াক সংগ্ৰহ কৰিব নোৱাৰিব । ব্যৱসায়িক সম্পৰ্কৰে জৰিত মেচেজসমূহতহে প্ৰভাৱ পৰিব বুলি জানিবলৈ দিয়ে ।
ইফালে এগৰাকী অধিবক্তাই নতুন নীতি সন্দৰ্ভত আবেদনত উল্লেখ কৰি কয় যে এই নতুন নীতিয়ে সংবিধানৰ দৃষ্টিত ব্যক্তিগত অধিকাৰ খৰ্ব কৰিছে । লগতে আবেদনকাৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত দাবী কৰে যে নতুন নীতিৰ সহমত নজনোৱাৰ বিকল্প ব্যৱস্থা ইউৰোপীয় দেশত দিয়া হৈছিল কিন্তু ভাৰতত এই ব্যৱস্থা দিয়া হোৱা নাই ।