নেশ্যনেল ডেক্স,26 মেঃ কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ মাজতো শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টলৈ অনুদান ভক্তগণৰ । অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে এই ট্ৰাষ্টটোক দায়িত্বভাৰ অৰ্পন কৰা হৈছে । লক ডাউনৰ সময়ছোৱাতেই ট্ৰাষ্টটোৰ দুটাকৈ একাউন্টত 4.60 কোটি টকা জমা হৈছে ।
ৰাম মন্দিৰৰ মুখ্য পুজাৰী আচাৰ্য সত্যেন্দ্ৰ দাসে কয় যে, 'ৰাম মন্দিৰ নিৰ্মানৰ ক্ষেত্ৰত অৰ্থৰ অভাৱ নহয় বুলি আমি নিশ্চিত । প্ৰকল্পটো নিৰ্মানৰ বাবে ৰাইজে বৃহৎ পৰিমাণৰ অনুদান আগবঢ়াইছে আৰু আমি নিৰ্মীয়মান মন্দিৰটো ভব্য ৰূপত নিৰ্মাণ কৰাটো নিশ্চিত কৰিম ।'
চলিত বৰ্ষৰ মাৰ্চ মাহত ট্ৰাষ্টটোৱে ভক্তসকলক ইয়াৰ বেংক একাউন্টত ই-বেংকিঙৰ জৰিয়তে অনুদান আগবঢ়াবলৈ ঘোষণা কৰিছিল । ইতিমধ্যে, 5000ত কৈও অধিক ভক্তই UPI, RTGSৰ জৰিয়তে অনুদান আগবঢ়াইছে ।
লগতে পঢ়ক- শিলচৰত হিন্দু আৰু মুছলমানে দাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন