নিউজ ডেস্ক, 4 এপ্ৰিলঃ মহামাৰী COVID-19 ৰ বিৰুদ্ধে একেলগে যুঁজ দিব ভাৰত-আমেৰিকাই । শনিবাৰে টেলিফনিক বাৰ্তালাপৰে এই কথা স্পষ্ট কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰ'ণাল্ড ট্ৰাম্পে ।
উল্লেখ্য যে, শনিবাৰে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত দেশৰ পৰিস্থিতিৰ বুজ লবলৈ টেলিফনিক বাৰ্তালাপ কৰে দুয়োখন দেশৰ মুখ্য ব্যক্তি দুগৰাকীয়ে।
বাৰ্তালাপ সন্দৰ্ভত মোডীয়ে টুইটযোগে কয়, মহামাৰী COVID-19 বিৰুদ্ধে ভাৰত আমেৰিকা এক হৈ যুঁজ দিবলৈ বদ্বপৰিকৰ । দুয়োখন দেশৰ সংকটৰ সময়তে আমি একলগ হৈছো ।
আমেৰিকাত বৰ্তমান পৰ্যন্ত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ২৭৮,৪৫৮ জন আৰু মৃত্যুৰ সংখ্যা ৭,১০০ ৰো অধিক ।
আনহাতে, ভাৰতত আক্ৰান্তৰ সংখ্যা ৩,০৭২ জন আৰু মৃত্যুৰ সংখ্যা ৭৫ জন ।