ETV Bharat / bharat

লক ডাউনৰ সময়ছোৱাত দেশত বৃদ্ধি পাইছে ঘৰুৱা হিংসাঃ ৰাষ্ট্ৰীয় মহিলা আয়োগ - কভিড-19

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মতে, দেশত জাৰি কৰা লক ডাউনৰ সময়ছোৱাত বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ সমস্যা ৷ এই কথা প্ৰকাশ কৰে আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই ৷

Domestic violence cases soar during lockdown: NCW

author img

By

Published : Apr 2, 2020, 5:28 PM IST

নেশ্যনেল ডেস্ক, 2 এপ্ৰিলঃ ৰাষ্ট্ৰীয় মহিলা আয়োগে বৃহস্পতিবাৰে উল্লেখ কৰে যে, কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি জাৰি কৰা লক ডাউনৰ সময়ছোৱাত দেশত বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ পৰিমাণ ৷ মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, এই কেইদিনত ঘৰুৱা হিংসাজনিত বহুতো গোচৰ পোৱা গৈছে ৷ য'ত পতিয়ে পত্নীক গালি পৰাৰ ওপৰিও তেওঁলোকক কভিড-19 উপনাম দি মাতিব ধৰিছে ৷

24 মাৰ্চৰ পৰা 1 এপ্ৰিললৈ মহিলা আয়োগে মুঠ 69টা ঘৰুৱা হিংসাৰ গোচৰ পাইছে আৰু সেই সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে ৷ আয়োগৰ অধ্যক্ষা গৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁৰ ওচৰত প্ৰতিদিনে এই সম্পৰ্কত 1 টা বা 2 টাকৈ মেইল আহে ৷ আনকি তেওঁৰ ব্যক্তিগত ই-মেইলতো আহে ৷ লগতে তেওঁৰ সহকৰ্মী সকলেও প্ৰতিদিনেই এই সম্পৰ্কে গোচৰ লাভ কৰি আছে ৷

ইয়াৰোপৰি তেওঁ কয়, তেওঁ লক ডাউনৰ সময়ত বিভিন্ন ধৰণৰ গোচৰ দেখিবলৈ পাইছে ৷ মহিলাসকল আৰক্ষীৰ কাষ চাপিব নোৱাৰে কিয়নো, যদিহে কোনো কাৰণত তেওঁলোকৰ স্বামী আৰক্ষী চকীলৈ যাবলগীয়া হয় তেন্তে ঘৰলৈ ঘুৰি আহি পত্নীৰ ওপৰত তেওঁলোকে অত্যাধিক নিৰ্যাতন চলায় ৷ যিটো হৈছে আন এক কঠিন সমস্যা ৷ আগতে মহিলা সকল বাহিৰলৈ ওলাই গৈ নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ গুছি আহে, অথবা আন কোনো স্থানলৈ সাময়িকভাৱে ওলাই যাব পাৰিছিল ৷ কিন্তু এতিয়া এই বিকল্প ব্যৱস্থাও বন্ধ হৈ যায় ৷

শেহতীয়াকৈ অধ্যক্ষ গৰাকীয়ে লাভ কৰা এক গোচৰৰ বিষয়ে তেওঁ কয় যে, নৈনিতাল পৰা অহা এক গোচৰৰ ভিত্তিত এগৰাকী পত্নীয়ে উল্লেখ কৰে যে, তেওঁৰ স্বামীয়ে তেওঁক শাৰীৰিক নিৰযাতন চলাইছে ৷ যাৰ বাবে তেওঁ সদ্যহতে থাকিবলৈ কোনো ছাত্ৰী নিবাস বা তেনে কোনো স্থান বিচাৰিছে, য'ত তেওঁ লক ডাউনৰ সময়খিনিত থাকিব পাৰে ৷ তেওঁ আৰক্ষীৰ কাষলৈয়ো যাব বিচৰা নাই ৷ কিয়নো যদিহে আৰক্ষীয়ে তেওঁৰ স্বামীক গ্ৰেপ্তাৰ তেন্তে তেওঁ কেৱল স্বামীৰ পৰাই নহয়, তেওঁৰ স্বামীগৃহৰ লোকৰ পৰাও নিৰ্যাতনৰ সন্মূখীন হ'ব ৷

উল্লেখ্য যে, মহিলা আয়োগৰ অধ্যক্ষা গৰাকীয়ে জানিব দিয়া অনুসৰি, আয়োগে বৰ্তমান গোচৰ ৰুজু কৰোতাসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি আছে ৷ ব্যক্তিগতভাৱে ৰেখা শৰ্মাই তেওঁলোকক ফোন কৰি থকাৰ লগতে তেওঁৰ দলটোয়ো প্ৰতিদিনে 24 ঘন্টাই তেওঁলোকৰ বাবে পাৰ্যমানে কাম কৰি আছে ৷ তেওঁ সংবাদ মাধ্যমৰ লোককো অনুৰোধ কৰে, যদিহে তেওঁলোকে এনেধৰণৰ কোনো সমস্যা বা গোচৰ পাই তেন্তে, আয়োগক পলম নকৰাকৈ যাতে এই বিষয়ে জনায় ৷

লগতে পঢ়কঃ প্ৰাতঃ ভ্ৰমণলৈ যোৱা 120 গৰাকী লোকক আবদ্ধ লাতুৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.