নেশ্যনেল ডেস্ক, ২অক্টোবৰ : কঠোৰতম শাস্তিলৈও ভয় নকৰে উত্তৰ প্ৰদেশৰ একাংশ বিকৃত মানসিকতাৰ লোকে। হাথৰসৰ গণধৰ্ষণ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ একেখন ৰাজ্যৰে বলৰামপুৰত ধৰ্ষণৰ বলি হ'ল এগৰাকী ২২ বছৰীয়া দলিত যুৱতী । ধৰ্ষণৰ পিছত অসুস্থ যুৱতীগৰাকীক চিকিৎসা কৰিবলৈ যোৱা এগৰাকী স্থানীয় চিকিৎসকে যুৱতীগৰাকীৰ মৃত্যুৰ পিছত ধৰ্ষণকাৰী সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে । যোৱা ২৯ ছেপ্টেম্বৰত অসুস্থ যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে স্থানীয় চিকিৎসক গৰাকীক যোগাযোগ কৰিছিল এজন যুৱকে ।
নিজকে যুৱতীগৰাকীৰ আত্মীয় বুলি পৰিচয় দি এজন যুৱকে চিকিৎসক গৰাকীক সমীপৰে বজাৰৰ এখন দোকানৰ পিছফালে থকা এটা কোঠালৈ লৈ যায় । কোঠাত প্ৰৱেশ কৰাৰ পিছতে যুৱতীগৰাকী অকলে চোফাত শুই থকা দেখি চিকিৎসক গৰাকীৰ সন্দেহ ওপজে । পৰিয়ালৰ লোক অৰ্থাৎ পিতৃ-মাতৃৰ উপস্থিতিহে চিকিৎসা কৰিব বুলি কৈ তেওঁ লগে লগে সেই স্থান ত্যাগ কৰে । লগতে যুৱতীগৰাকীৰ পিতৃ-মাতৃৰে যোগযোগ কৰাৰ চেষ্টা কৰিব বুলিও তেওঁ সকিয়াই দিয়ে ।
ইয়াৰ পিছত যুৱকজনে পিতৃৰ সৈতে যুৱতীগৰাকীক চিকিৎসকৰ ওচৰলৈ লৈ যাব বুলি কয় যদিও সেয়া নকৰিলে । পিছত যুৱতীগৰাকীৰ মৃত্যুৰ কথা পোহৰলৈ আহে । বলৰামপুৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা তথ্য অনুসৰি নিৰ্যাতিতা যুৱতীগৰাকীৰ মাতৃয়ে প্ৰথমে অভিযোগ উত্থাপন কৰিছিল যে কলেজৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তেওঁৰ কন্যাক কেইজনমান লোকে অপহৰণ কৰি নি বলাৎকাৰ কৰিছে। নামভৰ্তিৰ বাবে কলেজলৈ গৈছিল যুৱতীগৰাকী । পিছত হাতত গ্লুক'জ ড্ৰিপ লগাই ৰিক্সাত ঘৰ অভিমুখে আহি থকা অৱস্থাত পৰিয়ালৰ লোকে যুৱতীগৰাকীক উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে জনোৱা মতে যুৱতীগৰাকী অসুস্থ হৈ আছিল বাবে ওচৰৰে এখন হাস্পতালত ভৰ্তি কৰায়।
পিছত উন্নত চিকিৎসাৰ বাবে বলৰামপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও যুৱতীগৰাকীৰ মৃত্যু হয় । যুৱতীগৰাকীৰ হাত আৰু ভৰিও ভাঙিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে যদিও মৰণোত্তৰ পৰীক্ষাত এনে কোনো তথ্য পোহৰলৈ অহা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । নিৰ্যাতিতা যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত দুজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই ঘটনাক ফাষ্ট ট্ৰেক আদালতৰ মজিয়ালৈ নি শীঘ্ৰে দোষীক শাস্তি দিয়াৰ বাবে চেষ্টা কৰিব বুলি পৰিয়ালৰ লোকক আশ্বাস দিয়ে জিলা দণ্ডাধীশ কৃষ্ণ কৰুণেশ আৰু আৰক্ষী অধীক্ষক দেৱ ৰঞ্জন বাৰ্মাই ।
লগতে পঢ়ক : আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া