ETV Bharat / bharat

বড়ো জনগোষ্ঠী আৰু ত্ৰি-পাক্ষিক চুক্তি

author img

By

Published : Jan 28, 2020, 10:24 PM IST

Updated : Jan 29, 2020, 9:12 AM IST

চোৰাংচোৱা বিষয়া আৰ.কে যাদৱ স্তম্ভিত হৈছিল অস্ত্ৰ-শস্ত্ৰৰে সম্বলিত বড়ো যুৱ সমাজৰ অনুশীলন দেখি ৷ সেই অস্ত্ৰ-শস্ত্ৰ অনুশীলনকাৰী তৰুণসকলে পিচলৈ বড়ো লিবাৰেচন টাইগাৰ্চ নামেৰে এটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়ে ৷ ঠিক তেতিয়াৰ পৰাই পৃথক বড়োভূমি তথা স্বাধীন বড়োভূমিৰ দাবীৰে পশ্চিম অসমত বড়ো সশস্ত্ৰ সংগঠন হিচাপে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছিল ৷

Dissecting Bodos and the Monday Tripartite Accord
দ্বি-খণ্ডিত বড়ো আৰু ত্ৰি-পাক্ষিক চুক্তি

সঞ্জীৱ কুমাৰ বৰুৱা - নতুন দিল্লী

বৰ্ষ 1988 ৷ অসমত নিয়োজিত হৈ আছিল এগৰাকী তৰুণ চোৰাংচোৱা বিষয়া আৰ.কে যাদৱ ৷ তেওঁৰ বাবে আছিল সেই সময় ৰহস্যৰে ভৰপুৰ কিছুমান তথ্যৰে মুখামুখী হোৱাৰ ৷ চোৰাংচোৱা বিষয়াগৰাকীৰ নেতৃত্বত চলা এক গোপন অভিযানত তেওঁ স্তম্ভিত হৈছিল অস্ত্ৰ-শস্ত্ৰৰে সম্বলিত বড়ো যুৱ সমাজৰ অনুশীলন দেখি ৷ তেওঁ তাৰ বিৰুদ্ধে প্ৰতিবাদৰ বাদে কৰিবলৈ নাছিল একোৱেই ৷ পিচলৈ বিষয়াগৰাকীক বৰ্খাস্ত কৰা হৈছিল নিজৰ পদৰ পৰা ৷ পিচলৈ তেওঁ সেই সকলো বিষয় সামৰি নিজৰ কিতাপত বৰ্ণণা কৰিছিল সমস্ত ঘটনা ৷

ৰাজ্যসভা সাংসদ নগেন শইকীয়াইও একেটা বিষয়ে সংসদত উত্থাপন কৰিছিল ৷ নগেন শইকীয়া 1986 চনৰ পৰা 1992 চনলৈ ৰাজ্যসভাৰ সাংসদ হৈ আছিল ৷ লগতে তেওঁ 1990 চনৰ পৰা 1992 চনলৈ উচ্চ সদনৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

সেই অস্ত্ৰ-শস্ত্ৰ অনুশীলনকাৰী তৰুণসকলে পিচলৈ বড়ো লিবাৰেচন টাইগাৰ্চ নামেৰে এটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়ে ৷ ঠিক তেতিয়াৰ পৰাই পৃথক বড়োভূমি তথা স্বাধীন বড়োভূমিৰ দাবীৰে পশ্চিম অসমত বড়ো সশস্ত্ৰ সংগঠন হিচাপে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছিল ৷

মংগোলীয় জনগোষ্ঠীৰ এটা জাতি বড়োসকল অসমৰ সকলোতকৈ প্ৰাচীন জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম ৷ বড়োসকলে তিব্বতী-বৰ্মণ ভাষা ব্যৱহাৰ কৰি আহিছে ৷

বড়ো জনগোষ্ঠীৰ নিজৰ সুকীয়া দাবীক ন্যায্য প্ৰদান কৰাৰ বাবে তদানীন্তন চৰকাৰৰ প্ৰয়াসক অসম গণ পৰিষদে জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী আৱেগক উত্তোৰণ কৰাৰ বাবে এক বাট মুকলি কৰিছিল ৷

সোমবাৰৰ চুক্তিঃ
কিন্তু সোমবাৰ অৰ্থাৎ 27 জানুৱাৰী 2020-ত বড়ো সশস্ত্ৰ সংগঠন নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট চমুকৈ এনডিএফবিৰ আলোচনা পন্থীৰ নেতৃত্বত অইন সশস্ত্ৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰেৰে এক ত্ৰি-পাক্ষিক চুক্তি স্বাক্ষৰ কৰে ৷

এই নতুন বড়ো চুক্তিখন বিগত দুখন চুক্তিৰ পৰিণতিস্বৰূপে দেখা গৈছে ৷ ইয়াৰ পূৰ্বে 1993 চনত সদৌ অসম বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃত্বত বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ আৰু 2003 চনত সশস্ত্ৰ উগ্ৰপন্থী সংগঠন বিএলটিৰে হোৱা চুক্তিত বৃহত্তৰ বড়োভূমিৰ ৰাজনৈতিক ক্ষমতাত নতুন সংযোজন ঘটাই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নামেৰে গঠিত কৰা হয় ৷

তিনি দশকজুৰি চলা এই বড়ো সংগ্ৰামত প্ৰায় 4000 লোকে নিজৰ প্ৰাণ আহুতি দিছে ৷ আনহাতে এনডিএফবিৰ 1500তকৈ অধিক সশস্ত্ৰ উগ্ৰপন্থী সদস্যই 30 জানুৱাৰীত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে ৷

মাত্ৰ কেইদিনমান পূৰ্বে এনডিএফবিৰ সশস্ত্ৰ গোটে ম্যানমাৰ জংঘলেৰে দুইফালেৰে ভাৰতলৈ প্ৰৱেশ কৰিছিল ৷ ইয়াৰে মণিপুৰৰ মোৰেহ সীমান্ত আৰু নাগালেণ্ডৰ লোংগৱা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ৷

সোমবাৰে অৰ্থাৎ 27 জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ তথা বিটিচি প্ৰশাসনৰ উপস্থিতিত সশস্ত্ৰ বিদ্ৰোহী সংগঠন নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ সৈতে এক চুক্তি স্বাক্ষৰিত হয় ৷ এই ত্ৰি-পাক্ষিক চুক্তি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰকাৰী হিচাপে থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এনডিএফবিৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব, নিখিল বড়ো ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰ ৷

আনহাতে সদৌ অসম বড়ো ছাত্ৰ সন্থাই 70ৰ দশকৰ পৰাই বড়োভূমিক পৃথক ৰাজ্য গঠনৰ বাবে নিজৰ দাবী উত্থাপিত কৰি আহিছে ৷ ইউপিবিএ বড়ো জনগোষ্ঠীৰ সংস্কৃতি, অৰ্থনীতি তথা ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰাৰ স্বাৰ্থতে দীৰ্ঘ সময় ধৰি নিজৰ স্থিতিত অটল আছে ৷ ইয়াৰ সহযোগিতাৰে এনডিএফবিয়ে স্বাধীন বড়োভূমিৰ দাবীৰে নিজৰ সংগ্ৰাম চলাই অব্যাহত ৰাখিছিল আৰু তাৰ ফলস্বৰূপে সোমবাৰে ত্ৰি-পাক্ষিক চুক্তিখন স্বাক্ষৰিত কৰা হয় ৷

নিজৰ অস্তিত্বৰ দাবীঃ
বড়ো জনগোষ্ঠী অসমৰ সৰ্ববৃহৎ আদিবাসী সম্প্ৰদায় ৷ দীৰ্ঘদিনৰে পৰা বড়োলোকসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া ভাষী লোক তথা বঙালী ভাষী লোক বিশেষকৈ অবৈধ বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে নিজৰ সমস্যাৰ বিষয়ে সময়ে সময়ে ব্যক্ত কৰি আহিছে ৷ বিচ্ছেদ হোৱাৰ কাৰণ অৱহেলিত তথা অন্যায় দুয়োটাই আছিল বুলি ক’ব পৰা যায় ৷

সকলোতকৈ দুখজনক বিষয়টো হ’ল খাটি খোৱা বড়ো খেতিয়কসকলৰ বৃহৎ কৃষিভূমি এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ দখলত ৷

আনহাতে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামৰ পৰা বাহিৰ কৰি দিয়া খিলঞ্জীয়া বড়োসকলৰ বাবে পৃথক ভৌগোলিক ভূমিৰ ক্ষেত্ৰত এতিয়াও আধৰুৱা ৰূপটোৱে দেখা যায় ৷

কিন্তু যি বড়ো অঞ্চলক বড়োসকলে নিয়ন্ত্ৰিত বা বিস্তাৰিত কৰিছে সেই ক্ষেত্ৰ 22 কিঃমি বহল ‘চিকেন নেক’ৰ পৰা উত্তৰ-পূৱ ভাৰতক মুখ্য ভূমিৰ সৈতে সংলগ্ন কৰিছে ৷ বড়োভূমি পশ্চিম অসমৰ অন্তৰ্গত আৰু ই উত্তৰ-পূৱৰ দুৱাৰমুখস্বৰূপ ৷ ইয়োৰোপৰি বড়োভূমি ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত জড়িত ৷

ৰাজনৈতিক প্ৰভাৱঃ
2001 চনৰ পৰাই বড়োলেণ্ডৰ ৰাজনৈতিক দলে শাসনাধীষ্ঠ দলৰ লগত নিজৰ সমৰ্থন আগবঢ়াই আহিছে ৷ ইয়াৰ প্ৰবৃত্তি সলনিৰ কোনো প্ৰৱণতা নাছিল ৷

অসমৰ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এক নতুন ধাৰণা সৃষ্টি হোৱাৰ কথা অনুধাৱন কৰিব পৰা যায় ৷ কিয়নো অসমৰ অধিকাংশ অঞ্চলত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকাৰী কৰা হৈছে যিয়ে শাসনাধীষ্ঠ বিজেপি চৰকাৰক শ’লঠেকত পেলাব পাৰে ৷ কিন্তু এই চুক্তিয়ে বড়োলেণ্ডৰ পৰা লাভৱান হোৱাৰ আশা ব্যক্ত কৰিছে বিজেপিয়ে ৷ অসমত সৰ্বমুঠ 126খন আসনত বিধানসভা নিৰ্বাচন সম্পন্ন হ’ব ৷

দক্ষিণ-পূৱ এছিয়াৰ লগত আৰ্থিক, ৰাজনৈতিক তথা সাংস্কৃতিক সম্বন্ধৰ ভেটি নিৰ্মাণৰ বাবে প্ৰয়াস কৰি থকা মোডী চৰকাৰে দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ অন্ত পেলাই প্ৰতিবেশী দেশৰ লগত সম্বন্ধ কটকটীয়া কৰাই উদ্দেশ্য ৷

দীৰ্ঘদিনীয়া পৃথক বড়ো ৰাজ্যৰ দাবী লাহে লাহে পাহৰণিৰ গৰ্ভত সোমাই গৈছিল ৷ নতুন চুক্তিৰ অত্যন্ত আৱশ্যকতা আছিল ৷ অৱশেষত এই চুক্তিয়ে আশাৰ ৰেঙণিৰ নতুন মাত্ৰা প্ৰদান কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে এক টুইটৰ জৰিয়তে উল্লেখ কৰে যে এই চুক্তিয়ে কেইবাখনো নতুন দুৱাৰ মুকলি কৰিছে ৷ সফলতাৰে সম্পূৰ্ণ হোৱা এই চুক্তিৰ ফলত সশস্ত্ৰ উগ্ৰপন্থীৰ গোটে শান্তি আলোচনাৰ মাধ্যমেৰে দেশৰ বিকাশক এক নতুন উদ্যম প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷

এই চুক্তিৰ সা-সুবিধাঃ

এই চুক্তিৰ জৰিয়তে বড়োলেণ্ডৰ সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ’ব ৷ লগতে ই ৰাজ্য চৰকাৰৰ দ্বাৰা নহয় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত হ’ব ৷ এই চুক্তিয়ে বিটিআৰৰ প্ৰশাসনিক দিশটোৰ নিযুক্তিৰ ক্ষেত্ৰত সকলো ধৰণৰ সিদ্ধান্ত এতিয়াৰ পৰা বিটিআৰে লোৱাৰ অধিকাৰ লাভ কৰিব ৷ ইয়াৰোপৰি ভূমি অধিকাৰ বোৰ্ড, সংস্কৃতি সংৰক্ষণ তথা বড়ো ভাষাৰ বিকাশৰ বাবে বিত্তীয়ভাৱে অতিৰিক্ত পেকেজ প্ৰদান কৰা হ’ব ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় চুক্তি স্বাক্ষৰ কৰাৰ পিচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক ঐতিহাসিক চুক্তি বুলি উল্লেখ কৰি ইয়ে বড়োসকলৰ লগতে অসমৰ উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ৷ চুক্তিৰ অংশীদাৰীসকলক এতিয়া বিদ্ৰোহী নহয়, তেওঁলোক এতিয়া আমাৰ ভাই বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

আৰু পঢ়কঃBTR চুক্তি স্বাক্ষৰিত কৰি গুৱাহাটীত উপস্থিত বড়ো নেতৃত্ব

Intro:Body:

Dissecting Bodos and the Monday Tripartite Accord

Conclusion:
Last Updated : Jan 29, 2020, 9:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.