নিউজ ডেস্ক, 6 ডিচেম্বৰঃ হাইদৰাবাদ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক এনকাউন্টাৰ কৰা পাচতে প্ৰতিক্ৰিয়া চলিছে সৰ্বত্ৰে ৷
তেলেংগানা আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ স্থানীয় ৰাইজৰ লগতে সমগ্ৰ ভাৰতবাসী ৷
পুষ্পবৰ্ষণ আৰু আৰক্ষীক মিঠাই খুৱাই আনন্দ প্ৰকাশ তেলেংগানাৰ মহিলাসকলৰ ৷
প্ৰত্যেকজন ধৰ্ষণকাৰীৰ লগত এনে শাস্তিৰ কামনা কৰে মহিলাসমাজে ৷