ETV Bharat / bharat

পুনৰ ২৫ পইচাকৈ বৃদ্ধি ডিজেলৰ মূল্য - তেল বিপণন কোম্পানী

তেল বিপণন কোম্পানীসমূহে ৭ জুনৰ পৰা দেশত বৃদ্ধি কৰিছিল খাৰুৱা তেলৰ মূল্য। তেতিয়াৰ পৰা প্ৰতিলিটাৰ পেট্ৰ'লত মুঠ ৯.১৭ টকা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ১১.৩৯ টকাকৈ বৃদ্ধি হয়। বিগত এমাহত ২৩ বাৰৰ বাবে ডিজেলৰ মূল্য আৰু ২১ বাৰৰ বাবে পেট্ৰ'লৰ মূল্য বৃদ্ধি কৰা হৈছিল ।

Diesel price
Diesel price scales new high after 25 paise increase
author img

By

Published : Jul 7, 2020, 9:17 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ এসপ্তাহৰ ব্যৱধানত মঙলবাৰে ৰাজধানী চহৰ দিল্লীত সৰ্বকালৰ সৰ্ব্বোচ্চ মূল্যত উপনীত হৈছে ডিজেলৰ দাম । তেল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি মঙলবাৰে ডিজেলৰ মূল্য ২৫ পইচা বৃদ্ধি হৈছে । এই মূল্য বৃদ্ধি হৈ ৰাজধানী চহৰখনত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮০.৭৮ টকা হৈছে ।

ইয়াৰ বিপৰীতে অষ্টম দিনৰ বাবে কোনো ধৰণৰ সাল-সলনি হোৱা নাই পেট্ৰ'লৰ মূল্য । সম্প্ৰতি ৰাজধানী চহৰখনত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৮০.৩০ টকা । উল্লেখ্য যে, স্থানীয় বিক্ৰী কৰ অথবা ভেট (local sales tax or VAT)ৰ ওপৰত ভিত্তি কৰি প্ৰতিখন ৰাজ্যতে খাৰুৱা তেলৰ মূল্য ভিন্ন ভিন্ন হয় ।

শেহতীয়াকৈ ২৯ জুনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সংশোধন কৰা হৈছিল । বিগত এমাহত ২৩ বাৰৰ বাবে ডিজেলৰ মূল্য আৰু ২১ বাৰৰ বাবে পেট্ৰ'লৰ মূল্য বৃদ্ধি কৰা হৈছিল । তেল বিপণন কোম্পানীসমূহে ৭ জুনৰ পৰা দেশত বৃদ্ধি কৰিছিল খাৰুৱা তেলৰ মূল্য । তেতিয়াৰ পৰা প্ৰতিলিটাৰ পেট্ৰ'লত মুঠ ৯.১৭ টকা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ১১.৩৯ টকাকৈ বৃদ্ধি হয় ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ'লৰ আৰু ডিজেলত উৎপাদন শুল্ক বৃদ্ধি কৰা আৰু তেল বিপণন কোম্পানীয়ে মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ থেলি দিয়াৰ বাবেই দেশত আকাশলংঘী হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.