নেশ্যনেল ডেস্ক, 11 জুন : বিমান নিয়ন্ত্ৰক DGCA য়ে বুধবাৰে এয়াৰলাইনছ সমূহক বিমান উৰণৰ মাজভাগতে চাপৰ ফলত সৃষ্টি হোৱা হেন্দুলনি ৰোধ কৰিবৰ বাবে বিমানৰ খিৰিকীসমূহৰ ছীল নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
DGCA য়ে কয় যে, বহুকেইখন বিমানৰ উৰণৰ মাজভাগতে চাপৰ ফলত সৃষ্টি হোৱা হেন্দুলনি প্ৰত্যক্ষ কৰাৰ পাচতে এই সমস্যাটো ধৰা পৰে আৰু এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
উল্লেখ্য যে, বিমানত প্ৰয়োজনীয় বায়ু নিয়ন্ত্ৰণ ছিষ্টেম থাকে ইয়াৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন প্ৰবাহিত হোৱাটো নিশ্চিত কৰা হয় ৷ ছীলত ব্যাঘাত জন্মিলে যাত্ৰী আৰু crew member সকলে অক্সিজেনৰ অভাৱত ভোগে ৷
Directorate General of Civil Aviation (DGCA) য়ে কয়, "এনে ঘটনা প্ৰতিবছৰে ঘটে ৷ এনেদৰে ছীলত ব্যাঘাত জন্মিলে কেতিয়াবা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় ৷"
বিভিন্ন কাৰণত এনেধৰণৰ ঘটনা ঘটিব পাৰে যেনে, ক্ষতিসাধন হোৱা বিমানৰ দুৱাৰ আৰু খিৰিকীত ছীল, ক্ষতিসাধন হোৱা খিৰিকী আৰু অনুপযুক্ত সঞ্চালন প্ৰক্ৰিয়া আদি ৷
লগতে পঢ়ক : অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন