নিউজ ডেস্ক, 18 মে': 11 দিনৰ ব্যৱধানত দিল্লীত দুগুণ হাৰলৈ COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে প্ৰকাশ কৰিছে এই তথ্য । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, দিল্লীত কন্টেনমেন্ট জ'নৰ সংখ্যা বৃদ্ধি পাইছে । আনহাতে এই সময়চোৱাত বহু সংখ্যক নাৰ্চ, ডাক্তৰ, আৰক্ষী, বিএচএফ জোৱান আক্ৰান্ত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে ।
আনহাতে, মৃত্যুৰ তথ্য নিৰ্দিষ্ট সময়ত প্ৰকাশ কৰিব নোৱাৰা বাবে সমালোচিত হৈছে দিল্লী চৰকাৰ । এই প্ৰসংগত তেওঁ কয় যে, হাস্পতাল সমূহৰ পৰা মৃত্যুৰ তথ্য একত্ৰিত কৰা হৈছে আৰু দুই তিনিদিনতে এই কাম সম্পূৰ্ণ হ'ব ।
ৰাজ্যখনত 10 মে'ৰ পৰা COVID-19 মৃত্যু সম্পৰ্কে তথ্যৰ বাবে হাস্পতাল-স্বাস্থ্যকেন্দ্ৰ সমূহত ষ্টেন্ডাৰ্ড অপাৰেটিং প্ৰছেডিঅৰৰ (SPO) ব্যৱস্থা জাৰি কৰিছে ।
আনহাতে, প্ৰৱজক শ্ৰমিকৰ বিষয়টোত আৰক্ষীক সাৱধানতা অৱলম্বন কৰিবলৈ দিয়াৰ লগতে শ্ৰমিকসকলে যাতে খাদ্য, আশ্ৰয় আৰু পৰিবহণ ব্যৱস্থা পাই সেইটো নিশ্চিত কৰিছে ।
দিল্লীত দেওবাৰে নতুনকৈ 19 জন লোক মৃত্যু হোৱাৰ ফলত মৃত্যুৰ সংখ্যা 148 লৈ বৃদ্ধি পাইছে । আনহাতে 422 জন আক্ৰান্তৰ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা 9,755 গৰাকী হৈছে । বৰ্তমান ৰাজ্যখনত 5,405 টা সক্ৰিয় ঘটনা আছে ৷