নতুন দিল্লী, 11 নৱেম্বৰ : দেশৰ ৰাজধানীত বায়ু প্ৰদূষণৰ অপৰিৱৰ্তিত অৱস্থা ৷ এয়াৰ কোৱালিটি ইণ্ডেক্স(Air Quality Index)ৰ তথ্য অনুসৰি, 11নৱেম্বৰত দিল্লীৰ লধি ৰোডত প্ৰদূষকৰ সূচাংক 251ৰ পৰা 232 হয় যি বৰ্তমানেও বিপদসীমাৰ ওপৰত লগতে জনসাধাৰণৰ স্বাস্থ্যৰ বাবে বিপদজনক ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱা বাবে যোৱা 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ ৰাজধানী চহৰৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰিছিল ৷
বিগত পাঁচ বছৰৰ পৰা দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমে বৃদ্ধি পাই আহিছে ৷ 2015 চনত প্ৰদূষণৰ সৰ্বোচ্চ মাত্ৰা 292, 2016 চনত আছিল 223, 2017 চনত 196, 2018 চনত 326 আৰু 2019 চনত হ'লগৈ 173 ৷
এয়াৰ কোৱালিটি ইণ্ডেক্স(AQI)ৰ তথ্য অনুসৰি, দিল্লীত বিগত দিন কেইটাত অত্যাধিক প্ৰদূষণ হোৱা অঞ্চল আছিল, আই টি আই শ্বাৰহদ (517) আৰু গ্ৰেটাৰ নইদাৰ পাৰ্ক নলেজ (602)৷ সোমবাৰে পুৱা হোৱা পাতলীয়া বৰষুণৰ পাচতে দিল্লীবাসীয়ে শ্বস্তিৰ নিশ্বাস পেলাইছিল যদিও এতিয়াও ভয়াৱহ প্ৰদূষণৰ পৰা মুক্ত নহয় দিল্লীবাসী ৷
লগতে পঢ়ক = হাফলঙৰ মাহুৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু