ETV Bharat / bharat

আকৌ CAA : কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে - দিল্লী উচ্চ ন্যায়ালয়

দিল্লী উচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ ভুক্তভোগী তথা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদকাৰীসকলৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কি স্থিতি লৈছে সেই সন্দৰ্ভত উত্তৰ বিচাৰে ।

কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

author img

By

Published : Apr 28, 2020, 6:07 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ দেশব্যাপী লকডাউন চলি থকাৰ মাজতে ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ উত্তৰ বিচাৰিছে দিল্লী উচ্চ ন্য়ায়ালয়ে । দিল্লী উচ্চ ন্য়ায়ালয়ত দাখিল কৰা এখন আবেদনৰ পিচতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি বিছাৰিচে আদালতে ।

দৰাচলতে দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ ভুক্তভোগীসকলৰ লগতে সেই সময়ত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদকাৰীসকলক দিল্লী হিংসাৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

জমিয়াত উলেমা ই-হিন্দ নামৰ সংগঠনে দিল্লী উচ্চ ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল । আবেদনখন সন্দৰ্ভত আদালতে কয় যে, এই আবেদনত নাম থকা সকলো লোককে গ্ৰেপ্তাৰ হোৱা বুলি কোৱা হৈছে, তেওঁলোকক ন্য়ায়সংগত বিচাৰ, আইনৰ অধীনত জামিন আবেদন দাখিল কৰিব পাৰিব । আদালতে ৰায়দান কৰাৰ সমান্তৰালভাৱে এই কাম সম্পন্ন কৰিব পাৰিব বুলি কোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.