নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী : দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গাৰ্গী কলেজৰ ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱা বিষয়টো গুৰুত্ব সহকাৰে লৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগে(NCW) ৷ সোমবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মুৰব্বী ৰেখা শৰ্মাই এই কথা জানিবলৈ দিয়ে ৷
এই সন্দৰ্ভত সোমবাৰে NCW ৰ এটা দলে গাৰ্গী কলেজ ভ্ৰমণ কৰাৰ কথা আছিল ৷
উল্লেখ্য যে, শনিবাৰে গাৰ্গী কলেজৰ কিছু সংখ্যক ছাত্ৰীয়ে মন্তব্য কৰিছিল যে, নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰী কিছু মদ্যপায়ী লোকে কলেজ চৌহদত প্ৰৱেশ কৰি ছাত্ৰীসকলৰ ওপৰত নিৰ্যাতন চলায় ৷
কলেজখনৰ বাৰ্ষিক অনুষ্ঠান 'Reverie' ৰ তৃতীয় দিনা এই ঘটনা সংঘটিত হোৱা বুলি কলেজৰ ছাত্ৰীসকলে জানিবলৈ দিয়ে ৷
গাৰ্গী কলেজৰ এগৰাকী ছাত্ৰীয়ে চ'ছিয়েল মিডিয়াত উল্লেখ কৰা অনুসৰি, "বাৰ্ষিক অনুষ্ঠানৰ মাজতে ছাত্ৰীসকলক অন্ধকাৰ কোঠাত, প্ৰস্ৰাৱগাৰত বন্ধ কৰি থোৱাৰ লগতে গ্ৰীন পাৰ্ক মেট্ৰোলৈকে নিৰ্যাতন কৰা হয় ৷"
লগতে তেওঁ কয়, "লোক কেইজনে 'জয় শ্ৰী ৰাম' ধ্বনি দিয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে, তেওঁলোক বিজেপি/হিন্দুবাদী ৷ এয়া কিমান সত্য নাজানো কিয়নো যিসকলে এই ঘটনা নিজ চকুৰে দেখিলে তেওঁলোকে লোকচক্ষুৰ আগলৈ আহিবলৈ ভয় কৰিছে ৷"
আন এগৰাকী ছাত্ৰীয়ে কয়, "মই ঘটনাটো সম্পৰ্কত নিশ্চিত নহয় যদিও এক বৃহৎ সংখ্যক মদ্যপায়ী লোকে কলেজ চৌহদত সোমাই নিৰ্যাতন চলাইছিল ৷"
আৰু পঢ়ক : মায়দিয়াত দুৰ্ঘটনাগ্ৰস্থ ডিব্ৰুগড়ৰৰ কাজিৰ পৰিয়ালঃ 300 ফুট তললৈ বাগৰি পৰিল বাহন