নেশ্য়নেল ডেস্ক, ২৯ অক্টোবৰ:দিল্লীৰ মহিপালপুৰৰ ৰংপুৰীৰ সমীপত ইজৰাইলী কেম্প অঞ্চলত ২০০টা পৰিয়ালৰ বাসগৃহত চলিল বুলড'জাৰ। দিল্লী আৰক্ষীয়ে বুধবাৰে নিশা চলোৱা এই উচ্ছেদ অভিযানৰ পিছতে ঠাণ্ডাৰ মাজতে পথৰ দাঁতিত আশ্ৰয় ল'বলগীয়া হৈছে ৮০০-১০০০জন গৃহহীন লোকে। এই দুৰ্ভগীয়া লোকসকলে বৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ দাবী জনাই কৈছে যে তেওঁলোকৰ হাতত বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিল আছে।
তেওঁলোকে প্ৰকাশ কৰিছে যে,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ অনুমতি নিয়া এখন পত্ৰ আছে। বস্তি অঞ্চলটোৰ ৰামলাল নামৰ এগৰাকী স্থানীয় নেতাই কয় যে,'আৰক্ষীয়ে বাসগৃহসমূহ উচ্ছেদ কৰাৰ পূৰ্বে মাত্ৰ ১০ মিনিট সময় দিছিল আৰু বাসগৃহৰ ভিতৰত থকা বস্তু উলিয়াই অনাৰ বাবে পৰ্যাপ্ত সময় দিয়া হোৱা নাছিল।'
আনহাতে,ৰজনী নামৰ আন এগৰাকী বস্তিৰ বাসিন্দাই কয় যে,'বৃদ্ধ পিতৃ-মাতৃক তেওঁ অকলে চোৱা-চিতা কৰে। জীৱিকা অৰ্জনৰ কৰিব পৰাকৈ তেওঁৰ পৰিয়ালত আন কোনো সদস্য নাই। বুধবাৰে কৰ্মস্থলীত থকাৰ সময়তে আৰক্ষীয়ে বাসগৃহ তচনচ কৰে। যেতিয়া নেতাই ভোট বিচাৰি আহিছিল,তেতিয়া তেওঁলোকৰ ঘৰত এখন নথি দিছিল। কিন্তু ইয়াৰ পিছতো আৰক্ষীয়ে বাসগৃহ উচ্ছেদ কৰিলে।'
আৰতী নামৰ আন এগৰাকী মহিলাই নিজৰ দুখৰ বৰ্ণনা দি কয় যে, 'উচ্ছেদ অভিযানৰ পিছত নিশা ২ বজালৈকে তেওঁ সন্তানৰ সৈতে পথৰ দাঁতিতে আছিল।' বয়োজ্যেষ্ঠ লোকসহ ৮০০-১০০০ গৰাকী পুৰুষ,মহিলা আৰু শিশু ৰাষ্টাতে ঠাণ্ডাত যন্ত্ৰণাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে।