ETV Bharat / bharat

নতুন বছৰৰ আনন্দ-উল্লাসৰ বাবে দিল্লী চৰকাৰৰ গাইডলাইন - Covid প্ৰটকল

নতুন বছৰৰ আনন্দ-উল্লাসৰ বাবে দিল্লী চৰকাৰৰ গাইডলাইন । নিশা ১১ বজাৰ পাচত কাৰ্ফিউ । Covid প্ৰট’কলেৰে নতুন বছৰ উদযাপন কৰিব দিল্লীবাসীয়ে ।

দিল্লী চৰকাৰৰ গাইডলাইন
দিল্লী চৰকাৰৰ গাইডলাইন
author img

By

Published : Dec 31, 2020, 6:29 PM IST

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে দেশবাসীয়ে উদযাপন কৰিব নতুন বছৰৰ আনন্দ-উল্লাস । বছৰৰ অন্তিমটো নিশা আৰু বছৰৰ পহিলা দিনাখন উদযাপন কৰিবলৈ গাইডলাইন প্ৰকাশ দিল্লী চৰকাৰৰ । ৩১ ডিচেম্বৰৰ নিশা আৰু নতুন বছৰৰ পহিলা দিনটোত নিশা ১১ বজাৰ পাচত কোনো সাৰ্বজনিক ঠাইত উদযাপন নকৰিবলৈ গাইডলাইন প্ৰকাশ দিল্লী চৰকাৰৰ । দিল্লী দুৰ্যোগ প্ৰশমন বিভাগ চমুকৈ DDMA ৰ তৰফৰ পৰা নিৰ্দেশ কৰা অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১১ বজাৰ ভিতৰত Covid প্ৰট’কল মানি চলি নতুন বছৰ উদযাপন কৰিব পাৰিব দিল্লীবাসীয়ে । বিভাগীয় নিৰ্দেশ অনুসৰি নিশা ১১ বজাৰ পাচত কাৰ্ফিউ দিয়া হ'ব ।

লগতে দিল্লীবাসীক ব্যক্তিগত বাহনেৰে নতুবা ব্য়ক্তিগত চালকক লগত লৈ আহি নতুন বছৰ উদযাপন কৰিবলৈ অনুৰোধ জনায় । কিয়নো কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে যাতে কোনোধৰণৰ অনিয়ম সংঘটিত নহয় । দিল্লী শীৰ্ষ আৰক্ষীৰে হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰি দিল্লী আৰক্ষী জনসম্পৰ্কৰক্ষী বিষয়া ইস্ব সিংঘালে এই কথা জনায় ।

দিল্লী চৰকাৰে বান্ধি দিয়া গাইডলাইন যাতে কোনেও ভংগ কৰিব নোৱাৰে তাৰবাবে দিল্লী প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিব । সমান্তৰালভাৱে নতুন বছৰৰ পহিলা দিনটোৰ পুৱা আৰু সন্ধিয়া বজাৰ, শ্বপিং মল আৰু অন্য স্থানত যোৱা লোকসকলে পুৱা ১১ বজাৰ পূৰ্বে গৰলৈ উভতিব লাগিব । আন ৰাজ্যৰ পৰা দিল্লী প্ৰৱেশ কৰিবলৈ অনুমতি ল'ব লাগিব । অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত কোনো নিয়ম বান্ধি দিয়া নাই প্ৰশাসনে ।

উল্লেখ্য় যে বিশ্বজুৰি কৰ'ণা মহামাৰীৰ বাবে এনে সিদ্ধান্ত লোৱা হৈছে । বিশ্বৰ কোনো কোনো দেশত পুনৰ কৰ'ণাৰ নতুন সংক্ৰমণ ঘটিছে ।

লগতে পঢ়ক: শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.