ETV Bharat / bharat

মেহবুবা মুফটিৰ বিৰুদ্ধে দিল্লীৰ অধিবক্তাৰ অভিযোগ

author img

By

Published : Oct 24, 2020, 5:16 PM IST

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ মন্তব্যক অপমানজনক আৰু উচতনিমূলক আখ্যা দি অভিযোগ উত্থাপন কৰিলে দিল্লীৰ এগৰাকী অধিবক্তাই। 'ডকাইতে আমাৰ পতাকা লুটি দিলে' বুলি আক্ৰমণাত্মক মন্তব্য কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মুফটিৰ মন্তব্যৰ বিৰোধিতা কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই দিল্লী আৰক্ষীক অভিযোগ দাখিল কৰে অধিবক্তাগৰাকীয়ে।

মেহবুবা মুফটিৰ বিৰুদ্ধে দিল্লীৰ অধিবক্তাৰ অভিযোগ
মেহবুবা মুফটিৰ বিৰুদ্ধে দিল্লীৰ অধিবক্তাৰ অভিযোগ

নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: দিল্লীৰ অধিবক্তা বিনীত জিণ্ডালে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ শেহতীয়া মন্তব্যক লৈ আৰক্ষীক অভিযোগ দাখিল কৰিছে। অধিবক্তাগৰাকীয়ে দিল্লী আৰক্ষীক দাখিল কৰা অভিযোগত স্পষ্ট কৰে যে, 'ডকাইতে আমাৰ পতাকা লুটি দিলে' বুলি মুফটিয়ে কৰা মন্তব্য উচনিমূলক আছিল। ভাৰত চৰকাৰৰ বিৰুদ্ধে অপমানজনক আৰু উচতনিমূলক শব্দ প্ৰয়োগ কৰি মন্তব্য কৰিছে।

জিণ্ডালে শুক্ৰবাৰে অভিযোগ উত্থাপন কৰি কয় যে, 'মুফটিয়ে কৰা উচতনিমূলক মন্তব্যই সম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পাৰে। অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰো আশংকা আছে। লগতে এনে ধৰণৰ মন্তব্যই চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ ইংগিত দিয়ে।' অধিবক্তাগৰাকীয়ে কয় যে, মুফটিয়ে এই মন্তব্যৰে আইন মানি চলা প্ৰতিগৰাকী নাগৰিকৰ সন্মানত আঘাত হানিছে।

সেয়ে, ৰাষ্ট্ৰীয় সন্মান অধিনিয়ম, ১৯৭১ৰ ৪ নং ধাৰাৰ অধীনত প্ৰাথমিক অভিযোগ ৰুজু কৰা আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ প্ৰয়াস কৰাৰ অভিযোগত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। উল্লেখ্য যে, এখন সংবাদমেলত সাংবাদিকে মুফটিক জম্মু-কাশ্মীৰৰ পতাকা সন্দৰ্ভত কৰা প্ৰশ্নত তেওঁ কৈছিল যে, 'ডকাইতে আমাৰ পতাকা লুটি দিলে'।

লগতে পঢ়ক:হাথৰসত 1.25 কোটি মূল্যৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.