ETV Bharat / bharat

পি এইচ ডিৰ ছাত্ৰক পত্নীৰ সৈতে হোষ্টেলত থাকিবলৈ অনুমতি জে এন ইউ কৰ্তৃপক্ষৰ

author img

By

Published : Jul 5, 2020, 11:57 PM IST

দিল্লী উচ্চ ন্যায়ালয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পি এইচ ডি কৰি থকা ছাত্ৰসকলক নিজৰ পত্নীৰ সৈতে হোষ্টেলত থকাৰ অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । লক্ ডাউন আৰম্ভ হোৱাৰ পূৰ্বে ক্ষেত্ৰ অধ্যয়নৰ বাবে ওলাই যোৱা স্বামী-স্ত্ৰী হোষ্টেললৈ পুনৰ থাকিবলৈ উভতি আহিছিল যদিও জে এন ইউ প্ৰশাসনে এওঁলোকক পুনৰ হোষ্টেলত প্ৰৱেশৰ অনুমতি দিয়া নাছিল ।

delhi-high-court-comes-to-rescue-of-couple-asks-jnu-to-let-them-stay

নিউজ ডেস্ক, ৫ জুলাই : দিল্লী উচ্চ ন্যায়ালয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পি এইচ ডি কৰি থকা ছাত্ৰসকলক নিজৰ পত্নীৰ সৈতে হোষ্টেলত থকাৰ অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । লক্ ডাউন আৰম্ভ হোৱাৰ পূৰ্বে ক্ষেত্ৰ অধ্যয়নৰ বাবে ওলাই যোৱা স্বামী-স্ত্ৰী হোষ্টেললৈ পুনৰ থাকিবলৈ উভতি আহিছিল যদিও জে এন ইউ প্ৰশাসনে এওঁলোকক পুনৰ হোষ্টেলত প্ৰৱেশৰ অনুমতি দিয়া নাছিল।

দীপক কুমাৰ নামৰ গৱেষকৰ ছাত্ৰ জনে বিগত পাঁচ বছৰৰ পৰা নিজৰ পত্নীৰ সৈতে বিশ্ববিদ্যালয়ৰ হোষ্টেলত বসবাস কৰি আহিছে । তদুপৰি দীপকৰ পত্নীৰ পৰীক্ষাও ১৭ জুলাইৰ পৰা আৰম্ভ হ'ব । তেনে ক্ষেত্ৰত হোষ্টেলত বাধা প্ৰদান কৰাত যথেষ্ট সমস‌্যাৰ সন্মুখীন হোৱা লোকজনে অৱশেষত কাষ চাপিছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ।

ন্যায়ালয়ে এই সন্দৰ্ভত শুনানি কিছু সময়ৰ বাবে স্থগিত ৰাখে যাতে জে এন ইউৰ অধিবক্তাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা লাভ কৰিব পাৰে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশনা লাভ কৰাৰ পিছত জে এন ইউৰ অধিবক্তাই কয় যে, দীপকে নিজৰ পত্নীৰ সৈতে বিশেষ পৰিস্থিতিত হোষ্টেলত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। যাৰ পাচতে উচ্চ ন্যায়ালয়ে দীপক আৰু তেখেতৰ পত্নীক এই ক্ষেত্ৰত কৰʼণা সম্পৰ্কীয় সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক : এনচিপিৰ অন্তৰ্কন্দলঃ নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক দলৰ শীৰ্ষ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.