নতুন দিল্লী, 17 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ জাননী ৷ 15 ডিচেম্বৰত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাত আঘাতপ্ৰাপ্ত হোৱা এগৰাকী ছাত্ৰৰ আবেদন মৰ্মেই কেন্দ্ৰীয় চৰকাৰলৈ এই জাননী প্ৰদান দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰগৰাকীয়ে 2 কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক আবেদন ৷ আবেদন দাখিল কৰা ছাত্ৰগৰাকী হৈছে শায়ন মুজীৱ ৷
মুজীৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল ৷ এই আঘাতৰ বাবে চিকিৎসাৰ বাবে 2.5 লাখ টকা খৰচ বহন কৰিবলগীয়া হৈছিল ছাত্ৰগৰাকীয়ে ৷ এই সন্দৰ্ভত মুজীৱৰ অধিবক্তাই ন্যায়ালয়ত কয়, এই হিংসাত্মক ঘটনাত মুজীৱৰ দুটা ভৰি ফ্ৰেক্টাৰ কৰা হৈছিল আৰু তেওঁ এতিয়া আজীৱন এক মৃত ব্যক্তি দৰে হৈ পৰিছে ৷ অৱশ্যে মুজীৱৰ অধিবক্তাৰ এই দাবী সন্দৰ্ভত কেন্দ্ৰই আপত্তি দৰ্শাইছে ৷
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 15 ডিচেম্বৰত কৰা বিৰোধ প্ৰদৰ্শনতেই দিল্লীৰ জামিয়াত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ য’ত 14 খন চৰকাৰী আৰু 20 খন ব্যক্তিগত বাহনৰ ওপৰত অগ্নি সংযোগ কৰা হৈছিল ৷ এই হিংসাত্মক ঘটনাত 31 জন পুলিছ বিষয়াৰ লগতে 60 গৰাকীকৈ লোক আহত হৈছিল ৷ এই ঘটনাৰ বাবে ছাত্ৰ সহ মুঠ 47 গৰাকী লোকক আটক কৰিছিল দিল্লী আৰক্ষীয়ে ৷