ETV Bharat / bharat

নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ ক্ষমা আবেদন নাকচ - তিহাৰ কাৰাগাৰত ফাঁচী

দিল্লী চৰকাৰে নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ অভিযুক্ত মুকেশৰ ক্ষমা আবেদন নাকচ কৰে ৷ 2012ত নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত চাৰি অভিযুক্তৰ ভিতৰত আন এজন অভিযুক্ত আছিল মুকেশ ৷

Nirbhaya rape
নিৰ্ভয়া ধৰ্ষণকাণ্ড
author img

By

Published : Jan 16, 2020, 4:15 PM IST

নেশ্যনেল ডেস্ক, 16 জানুৱাৰীঃ বৃহস্পতিবাৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰাকৰে 2012ত নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত মুকেশ নামৰ অভিযুক্তজনৰ ক্ষমা আবেদন নাকচ কৰে ৷ ইয়াৰ পাচতে এই ক্ষমা আবেদন লেফটেনেন্ট গৱৰ্ণৰলৈ পঠিয়াই দিয়া হয় আৰু তেওঁ এই আবেদন গৃহ মন্ত্ৰণালয়লৈ পঠিয়াই দিয়ে ৷ দিল্লী উচ্চ ন্যয়ালয়ে মুকেশৰ আবেদন নাকচ কৰি কয় যে চাৰি অপৰাধীৰ ভিতৰত এজন অপৰাধীৰ ৰেহাই আমি স্বীকাৰ নকৰো আৰু প্ৰয়োজন বোধ কৰিলে বিশেষ আদালততো এই আবেদন দাখিল কৰিব পাৰিব বুলি জনাই ৷

ন্যায়াধীশ মনমোহন আৰু সংগীতা ধীংৰা ছেহগালৰে গঠিত বিচাৰপীঠে জনোৱা অনুসৰি 7 জানুৱাৰীত মুকেশ কুমাৰ সিঙৰ বিৰুদ্ধে ট্ৰায়েল কৰ্টে জাৰি কৰা মৃত্যুদণ্ডত কোনো ক্ৰুচটি নাই ৷ দিল্লী চৰকাৰে শুনানীৰ সময়ত উচ্চ ন্যায়ালয়ত এই কথা জনাইছিল যে 22 জানুৱাৰীত দোষীৰ ফাঁচী নহয় কিয়নো অপৰাধী কেইজনৰ ভিতৰত এজনে ক্ষমা আবেদন দাখিল কৰিছিল ৷ চলিত বৰ্ষৰ 22 জানুৱাৰীৰ পুৱা 7 বজাত মুকেশ,অক্ষয় কুমাৰ সিং,বিনয় শৰ্মা আৰু পৱন গুপ্তাক তিহাৰ কাৰাগাৰত ফাঁচী দিয়াৰ কথা আছিল ৷ উল্লেখ্য যে,দিল্লী চৰকাৰ আৰু কাৰাগাৰ কতৃপক্ষই ন্যায়াধীশ মনমোহন আৰু সংগীতা ধীংৰাৰ বিচাৰপীঠক জনোৱা অনুসৰি কাৰাগাৰৰ নিয়ম মতে যদি কোনো অভিযোগত এজনত কৈ অধিক দোষীক মৃত্যুদণ্ড বিহা হয় আৰু তাৰ মাজৰ এজনেও যদি ক্ষমা আবেদন দাখিল কৰে তেনে ক্ষমা আবেদনৰ সিদ্ধান্ত গ্ৰহণ নকৰালৈকে আন দোষী কেইজনৰো মৃত্যুদণ্ড স্থগিত কৰা হয় ৷ ইপিনে দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাৰি অভিযুক্তৰ ফাঁচীৰ প্ৰক্ৰিয়া বিলম্বিত কৰাৰ বাবে গৃহীত কৌশলৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে ৷'

লগতে পঢ়ক - জম্মু-কাশ্মীৰ ভ্ৰমণলৈ কেন্দ্ৰীয় চৰকাৰৰ 36গৰাকী মন্ত্ৰী

Intro:Body:

Nirbhaya case: Delhi government rejects convict Mukesh's mercy plea

https://www.aninews.in/news/national/general-news/nirbhaya-case-delhi-government-rejects-convict-mukeshs-mercy-plea20200116120705/

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.