ETV Bharat / bharat

দিল্লীত নিৰ্মাণ 10,000 বিচনাযুক্ত কোভিড কেয়াৰ হাস্পতাল - BM Mishra

কেন্দ্ৰটোৰ কাম চলি থকাৰ মাজতে কেবাজনো মন্ত্ৰী, নেতাই কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনিশ চিচ'দিয়াই 18 জুনত কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছতে কেজৰিৱালে গৃহমন্ত্ৰী অমিত শ্বাহক কেন্দ্ৰটো পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাই এখন পত্ৰ লিখে ৷ লগতে এই অভিযানৰ বাবে ITBP সেৱাৰ প্ৰদানৰ দাবী কৰে কেজৰিৱালে ৷

Delhi
দিল্লী
author img

By

Published : Jul 9, 2020, 9:41 PM IST

নিউজ ডেস্ক, 9 জুলাইঃ দিল্লীৰ ছট্টৰপুৰস্থিত ৰাধা-স্বামী সৎসঙ্গ ব্যাসত পৃথিৱীৰ সৰ্ববৃহৎ কোভিদ কেয়াৰ কেন্দ্ৰ আৰু হাস্পতাল নিৰ্মাণ কৰা হৈছে ৷ 10,000 বিচনাযুক্ত এই কেন্দ্ৰটোৰ শুভাৰম্ভ কৰে দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজলে ৷ দক্ষিণ দিল্লীৰ অন্তৰ্গত ভাটী মাইন্স ছট্টৰপুৰত অৱস্থিত এই কেন্দ্ৰটোৰ ভিতৰছোৱা 1700 × 700 বৰ্গফুট বিশাল ৷ এই সৎসঙ্গটোৰ প্ৰাংগন বৰ্তমান 10,000 বিচনাযুক্ত চৰ্দাৰ পটেল কোভিড কেয়াৰ কেন্দ্ৰত ৰূপান্তৰিত হৈছে য'ত কৰ'ণাৰ সাধাৰণ লক্ষণ থকা লোকসকলৰ চিকিৎসা অব্যাহত আছে ৷

লগতে পঢ়কঃ চীনা প্ৰতিষ্ঠানে সামগ্ৰী বিক্ৰী কৰাটো বিছাৰে 49 শতাংশ ভাৰতীয়ই

5 জুলাইত কাৰ্যকৰী হৈছিল কেন্দ্ৰটো

5 জুলাইত 2 হাজাৰ বিচনাৰে কেন্দ্ৰটো কাৰ্যকৰী হৈছিল ৷ বৰ্তমান এই কেন্দ্ৰটোত প্ৰায় 200 কৰ'ণাক্ৰান্ত লোক আছে ৷ উল্লেখ্য যে, জুনৰ দ্বিতীয় সপ্তাহত দিল্লীত কৰ'ণা আক্ৰান্তৰ সংখ্যা 40 হাজাৰ অতিক্ৰম কৰিছিল ৷ ইয়াৰোপৰি সেইকেইটা দিনত এদিনতে 2 হাজাৰতকৈ অধিক কৰ'ণা পজিটিভ পোৱা গৈছিল ফলত ৰোগীসমূহ ৰখাৰ বাবে চিন্তিত হৈ পৰিছিল চৰকাৰ ৷

দিল্লীত নিৰ্মাণ 10,000 বিচনাযুক্ত কোভিড কেয়াৰ হাস্পতাল

15 জুনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ

চৰকাৰে দক্ষিণ দিল্লীৰ ৰাধা-স্বামী সৎসঙ্গ ব্যাসৰ প্ৰাংগণত অস্থায়ী কোভিড কেন্দ্ৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ স্থানীয় ডি এম বিএ মিশ্ৰাই এই কাৰ্যসূচীৰ আঁতধৰি সৎসঙ্গৰ প্ৰশাসনৰ সৈতে কথা পাতে ৷ 14 জুনত ৰাধা-স্বামী সৎসঙ্গ ব্যাসত আনুষ্ঠানিক কোভিড কেয়াৰ কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলে ৷ সেই সময়ছোৱাটো উপ ৰাজ্যপাল অনিল বৈজালে প্ৰথমে কেন্দ্ৰটো নিৰীক্ষণৰ কৰিবলৈ আহে ৷ অনিল বৈজালৰ পৰা সংকেত পোৱাৰ লগে-লগে বিও মিশ্ৰাৰ নেতৃত্বত কেন্দ্ৰটোৰ কাৰ্য আৰম্ভ হয় ৷

গৃহমন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ প্ৰেৰণ

কেন্দ্ৰটোৰ কাম চলি থকাৰ মাজতে কেবাজনো মন্ত্ৰী, নেতাই কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনিশ চিচ'দিয়াই 18 জুনত কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছতে কেজৰিৱালে গৃহমন্ত্ৰী অমিত শ্বাহক কেন্দ্ৰটো পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাই এখন পত্ৰ লিখে ৷ লগতে এই অভিযানৰ বাবে ITBP সেৱাৰ প্ৰদানৰ দাবী কৰে কেজৰিৱালে ৷

গৃহ মন্ত্ৰণালয়ে এই অভিযানৰ বাবে ইতিমধ্যে ITBP সেৱা ন্যস্ত কৰিছে বুলি কেজৰিৱালৰ পত্ৰৰ উত্তৰ দিয়ে অমিত শ্বাহে ৷ ইয়াৰোপৰি, 26 জুনৰ পৰাই ইয়াৰ অধিকাংশ সুবিধা আৰম্ভ হ'ব বুলিও জনাই গৃহমন্ত্ৰীগৰাকীয়ে ৷

27 জুনত অমিত শ্বাহ আৰু কেজৰিৱালে একেলগে কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ ইতিমধ্যে কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ হৈছিল ৷ ITBP আৰু ডিজি য়ে গৃহমন্ত্ৰীক ইয়াৰ চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰে ৷

DDU হাস্পতালৰ সৈতে সংযুক্ত

এই কোভিদ কেয়াৰ কেন্দ্ৰটোত লক্ষণে দেখা নিদিয়া আৰু সাধাৰণভাৱে লক্ষণে দেখা দিয়া ৰোগীসকলক সকলো সুবিধাৰে চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে, গুৰুতৰ ৰোগীসমূহক দিনদয়াল উপাধ্যায় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.