নিউজ ডেস্ক,4জুলাইঃ দিল্লীৰ গাজীপুৰৰ ওচৰতে থকা চেলা গাঁৱত শুকুৰবাৰে এগৰাকী মহিলাক তীব্ৰ বেগেৰে অহা এখন চাৰিচকীয়া এল্ট বাহনে মহতিয়াই নিয়ে ৷ মহতিয়াই নিয়া গাড়ী খনৰ চালক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংঘটিত কৰা যোগেন্দ্ৰক গ্ৰেপ্তাৰ কৰিছে ৷ ইপিনে সম্পূৰ্ণ ঘটনাৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈ ৰৈছে ৷
উল্লেখযোগ্য যে, ঘটনাটো সংঘটিত হোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে মহিলা গৰাকীক বচাবলৈ চেষ্টা কৰে আৰু গাড়ীখন ৰখাবলৈ যত্ন কৰিছিল যদিও চালক জনে পুনৰ গাড়ীখন মহিলা গৰাকীৰ গা-ওপৰে দি চলাই নিয়ে ৷ শুকুৰবাৰে সন্ধিয়া 6 বাজি 35 মিনিটত ঘটনাটো সংঘটিত হয় আৰু মহিলা গৰাকীক বচাবলৈ যোৱা লোক সকলকো গাড়ীৰে মহতিয়াই নিবলৈ চেষ্টা কৰাৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দি হৈ ৰয় ৷ গাড়ীৰে মহতিয়াই নিয়া মহিলা গৰাকীৰ নাম অজিতা ৰাণী বুলি চিনাক্ত কৰা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে যোগেন্দ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজো কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷
লগতে পঢ়কঃ চি.বি.আই তদন্তৰ দাবী সুশান্তৰ পিতৃৰ