নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰীঃ জনশূণ্যত পৰিণত দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৷ আজি পুৱাৰে পৰা আৰম্ভ হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাত এতিয়ালৈকে এখনো আসনত আগবাঢ়িব নোৱাৰাত স্বাভাৱিকতে হতাশাত ভুগিছে কংগ্ৰেছ ৷ 2015 চনৰ পুনৰাবৃত্তি হোৱাৰ দিশে অগ্ৰসৰ হৈছে এইবাৰৰ দিল্লী নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ৷
এই ফলাফলৰ দায়িত্ব গ্ৰহণ কৰে দিল্লী কংগ্ৰেছৰ মুখ্য সুভাষ চোপ্ৰাই ৷ তেওঁ বিজেপি আৰু আপৰ মেৰুবিভাজনৰ বাবে কংগ্ৰেছে ভুগিবলগীয়া হৈছে বুলি মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে কয় যে কংগ্ৰেছে বিগত তিনি মাহ ধৰি নিজৰ চেষ্টা অব্যাহত ৰাখিছিল যদিও ই বিফল ৰূপে পৰিগণিত হ’ল ৷ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে শেষলৈ যুঁজি যাব বুলিও তেওঁ উল্লেখ কৰে ৷ আনহাতে একেৰাহে দ্বিতীয়বাৰৰ বাবে আসন শূণ্যভাৱে বিধ্বস্ত হোৱাৰ পথলৈ আগবঢ়া দিল্লী কংগ্ৰেছ নেতৃত্বৰ ওপৰত বিৰূপ প্ৰশ্নৰ উত্থাপন হৈছে ৷
উল্লেখ্য যে যোৱা 8 ফেব্ৰুৱাৰীত 70 খন আসনৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছে ৷ দিল্লী নিৰ্বাচনৰ মূল যুঁজখন চলিছে আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত ৷ আনহাতে দিনৰ 1 বজা পৰ্যন্ত 57 খন আসনত আম আদমী পাৰ্টীয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে 13 খন আসনত আগবাঢ়ি আছে বিজেপিয়ে ৷