ETV Bharat / bharat

ৰাধাস্বামী সৎসংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিবলৈ অমিত শ্বাহক আমন্ত্ৰণ দিল্লীৰ মুখ্যমন্ত্ৰীৰ - ৰাজধানী দিল্লী

জুলাইৰ শেষভাগলৈকে ৰাজধানী দিল্লীত ৫.৫ লাখ লোক কোভিড-১৯ ত আক্ৰান্ত হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিশ ছিচোড়িয়াই। যদি বৰ্তমানৰ দৰে দিল্লীত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ থাকে তেন্তে জুলাইলৈকে হাস্পতালসমূহত মুঠ ৮০ হাজাৰ বিচনাৰ প্ৰয়োজন হ'ব পাৰে ।

Radha Soami Satsang Beas campus
Delhi CM invites Shah to inspect 10,000 bedded COVID centre at Radha Soami Satsang Beas campus, Chhattarpur
author img

By

Published : Jun 23, 2020, 9:03 PM IST

নিউজ ডেস্ক, ২৩ জুনঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পত্ৰযোগে দিল্লীৰ চত্তৰপুৰত থকা ১০ হাজাৰ বিচনাযুক্ত ৰাধাস্বামী সৎসংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে, উক্ত চেণ্টাৰত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্চ প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Delhi CM invites Shah to inspect 10,000 bedded COVID centre at Radha Soami Satsang Beas campus, Chhattarpur
ৰাধাস্বামী সত্সংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিবলৈ অমিত শ্বাহক আমন্ত্ৰণ দিল্লীৰ মুখ্যমন্ত্ৰীৰ

বিগত সপ্তাহত, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজালেও চত্তৰপুৰস্থিত ৰাধাস্বামী সৎসংগ বিহাৰ কোভিড-১৯ চেন্টাৰ পৰিদৰ্শন কৰিছিল।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিশ ছিচোড়িয়াই জুলাইৰ শেষভাগলৈকে ৰাজধানী দিল্লীত ৫.৫ লাখ লোক কোভিড-১৯ ত আক্ৰান্ত হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে। যদি বৰ্তমানৰ দৰে দিল্লীত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ থাকে তেন্তে জুলাইলৈকে হাস্পতালসমূহত মুঠ ৮০ হাজাৰ বিচনাৰ প্ৰয়োজন হ'ব পাৰে । লগতে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে উপমুখ্যমন্ত্ৰীগৰাকীয়ে দুখন বিশেষজ্ঞ কমিটি গঠন কৰিছে।

তদুপৰি, কোভিড-১৯ৰ চিকিত্সা তথা আন আন সেৱা বৃদ্ধিৰ বাবে দিল্লী চৰকাৰে হোটেল, বিবাহ-ভৱন, ষ্টেডিয়াম আদি সকলো অতিৰিক্ত বিকল্প হিচাপে ৰাখিছে বুলি মনিশ ছিচোড়িয়াই জানিবলৈ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজধানী দিল্লীত এইপৰ্যন্ত ৬২ হাজাৰৰো অধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত চেলা পাছৰ সুৰংগৰ কাৰিকৰী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.