ETV Bharat / bharat

দিল্লী বিধানসভা নিৰ্বাচন ২০২০ - আপে কাটিলে নেকি ওভতনি যাত্ৰাৰ টিকট ? - দিল্লী বিধানসভা নিৰ্বাচন

কেইটামান দিনৰ পাছতে অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনত মূল যুঁজখন আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজত হ'ব বুলি অনুমান কৰা হৈছে ৷

8 ফেব্ৰুৱাৰীত নিৰ্বাচন
দিল্লী বিধানসভা নিৰ্বাচন ২০২০
author img

By

Published : Jan 27, 2020, 5:12 PM IST

-সঞ্জয় কুমাৰ

আৰু কেইটামান দিনৰ পাছতে দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । বৰ্তমানৰ দিল্লীৰ ভোটাৰৰ মনৰ অৱস্থাৰ প্ৰতি লক্ষ্য কৰিলে অনুমান হয় আম আদমী পাৰ্টীয়ে সহজে এই নিৰ্বাচনত জয়লাভ কৰিব । বিজেপিয়ে আপৰ বিৰুদ্ধে যুঁজ দিছে যদিও সেয়া বহু ব্যৱধানত । পোন্ধৰ বছৰৰ বাবে (১৯৯৮-২০১৩) দিল্লী শাসন কৰা কংগ্ৰেছে ২০১৫ বিধানসভা নিৰ্বাচনত এটা সংখ্যাৰ ভোটৰ হাৰ লাভ কৰাৰ লগতে এখন আসনতো জয়লাভ কৰিবলৈ সক্ষম নহ'ল । এই শোচনীয় পৰাজয়ৰ পৰা কংগ্ৰেছে এতিয়াও ঠন ধৰি উঠিব পৰা নাই । ক্ষেত্ৰভিত্তিক প্ৰতিবেদন আৰু মতামত প’লসমূহে আপৰ সপক্ষতহে ঢৌ থকা বুলি ইংগিত দিয়ে । ২০১৯ লোকসভা নিৰ্বাচনত অতি শোচনীয় প্ৰদৰ্শনৰ পাছত আপে খুৱ সম্ভৱ নিজৰ ভেটি সবল কৰিছে । ৫৭ শতাংশ ভোটেৰে সাতোখন আসন দখল কৰা বিজেপিয়ে আপৰ নিকটতম প্ৰতিদ্বন্দ্বী । কিন্তু এই প্ৰতিদ্বন্দ্বীতাৰ ব্যৱধান আছে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিয়া যথেষ্ট সংখ্যক দিল্লীৰ ভোটাৰে এইবাৰ আপৰ সপক্ষে ভোট দিয়াৰ বাবে মন বান্ধিছে বুলি অনুমান হয় । বহু ভোটাৰে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লীৰ চৰকাৰ নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে বুলি অনুভৱ কৰে ।

আন প্ৰতিদ্বন্দ্বী দলসমূহতকৈ আপ আগত থকাৰ মূলতঃ দুটা কাৰণ আছে - কেজৰিৱাল চৰকাৰে কৰা কামবোৰ তথা শিক্ষা আৰু স্বাস্থ্যত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি ৰাইজৰ সঁহাৰি আৰু দলটোৰ নেতা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অপাৰ জনপ্ৰিয়তা । আপৰ স্থিতি শক্তিশালী হোৱাৰ অন্যতম কাৰণটো হৈছে - বিজেপি অথবা কংগ্ৰেছত অৰিবন্দ কেজৰিৱালৰ সমপৰ্যায়ৰ জনপ্ৰিয়তা থকা কোনো নেতা নাই ।

যদিও আপে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাই, কিন্তু দলটো জন্ম হোৱাৰে পৰা ৰাজ্যখনৰ শাসন চলাবলৈ দিল্লীৰ ভোটাৰসকলৰ বাবে আপেই আছিল প্ৰথম পছন্দ । ২০১৩ চনৰ প্ৰথমটো বিধানসভা নিৰ্বাচনত আপে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । যদিও দলটোৱে ২৯.৫ শতাংশ ভোটেৰে ২৮ খন আসন দখল কৰিছিল কিন্তু প্ৰায় এটা বছৰ পাছতে ২০১৫ চনৰ নিৰ্বাচনত আপে ৫৪.৩ শতাংশ ভোটেৰে ৭০ খন আসনৰ ৬৭ খন আসন নিজৰ হাতলৈ আনি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণ, সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আৰু তিনি তালাকৰ প্ৰতি দলটোৰ সমৰ্থন আদি ৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত জোৰ দি দিল্লী বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব । কিন্তু, শেহতীয়াকৈ সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনসমূহ লক্ষ্য কৰি এটা কথা অনুমান কৰা যায় যে দিল্লীৰ ভোটাৰসকল মহানগৰ কেন্দ্ৰিক স্থানীয় বিষয়সমূহৰ ওপৰত ভিত্তি কৰিহে ভোটদান কৰিব । আপৰ বাবে এই নিৰ্বাচনৰ উত্তম ৰণ কৌশল হ’ব বিগত পাঁচ বছৰত চৰকাৰখনে কৰা কামবোৰৰ কথাৰে প্ৰচাৰ কৰা । শেহতীয়াকৈ হৈ যোৱা ঝাৰখণ্ড আৰু হাৰিয়ানাৰ নিৰ্বাচনত ভোটাৰে ৰাষ্ট্ৰীয় বিষয়সমূহতকৈ ৰাজ্যিক বা স্থানীয় বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা পোৱা গৈছে । মই ভাবো দিল্লীৰ ভোটাৰসকলেও ৰাষ্ট্ৰীয় বিষয়সমূহৰ সলনি দিল্লী প্ৰশাসনৰ লগত জড়িত বিষয়সমূহৰ ভিত্তিতহে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ৰাজ্যিক বিষয়ত ভোটাৰৰ পছন্দৰ ফালৰ পৰা চাবলৈ গ’লে আপ ইয়াৰ প্ৰতিদ্বন্দ্বী সকলতকৈ দৃঢ়তাৰে আগত থাকিব । কাৰণ দিল্লীত কেজৰিৱাল চৰকাৰে কৰা কামবোৰৰ প্ৰতি ৰাইজৰ গ্ৰহণযোগ্যতা অপৰিসীম । সমীক্ষাৰ তথ্য অনুসৰি, দিল্লী চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে পোনপটীয়া সুবিধা লাভ কৰা দিল্লীৰ লোকসকলে এই নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । শেহতীয়া বিধানসভাসমূহৰ নিৰ্বাচনে এটা কথা স্পষ্ট কৰে যে ভোটদানিৰ সিদ্ধান্ত লওঁতে ভোটাৰসকলে ৰাজ্যিক বিষয়সমূহক ৰাষ্ট্ৰীয় বিষয়তকৈ অদিক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে । চি এছ ডি এছৰ অধ্যয়নে বহন কৰা ইংগিত অনুসৰি—দিল্লীৰ ভোটাৰসকলে মোডীয়ে কেন্দ্ৰত কৰা কামবোৰৰ সলনি আপে দেশৰ ৰাজধানী চহৰখনত কৰা কামবোৰৰ ভিত্তিতহে ভোটদান কৰিব । দুজনৰ ভিতৰত এজন বা ৫৫ শতাংশ লোকে কোৱা মতে, তেওঁলোকে আপে দিল্লীত কৰা কামবোৰ চাইহে ভোট দিব । ইয়াৰ বিপৰীতে ১৫ শতাংশইহে মোদীয়ে কেন্দ্ৰত কৰা কামবোৰৰ ভিত্তিত ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি প্ৰকাশ কৰে ।

চি এছ ডি এছ সমীক্ষাই আপ চৰকাৰক লৈ দিল্লীৰ ভোটাৰসকলৰ অতি উচ্চ হাৰৰ সন্তুষ্টিৰ কথা প্ৰকাশ কৰে । যদিও কেন্দ্ৰীয় চৰকাৰৰ সৈতে সন্তুষ্টিৰ পৰ্যায়ো উচ্চ হাৰত পোৱা গৈছে কিন্তু ঝাৰখণ্ড, হাৰিয়ানাৰ অনুৰূপে ইয়াতো এই সন্তুষ্টি ভোটলৈ পৰিণত নহ’ব । তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কামকাজক লৈ সম্পূৰ্ণ সন্তুষ্ট ভোটাৰসকলেও আপক পছন্দ কৰে । বিগত ছয় মাহৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কামকাজত সম্পূৰ্ণ সন্তুষ্ট বুলি কোৱা পাঁচজনৰ দুজনতকৈ অধিক লোকৰে আপৰ প্ৰতি শক্তিশালী সমৰ্থন আছে ।

প্ৰতিষ্ঠান বিৰোধী ঢৌৰ অনুপস্থিতিয়ে আপক আন বিৰোধী দলসমূহতকৈ আগত স্থান লোৱাত সুবিধা প্ৰদান কৰিছে । সাধাৰণতে ৰাইজক সুখী বুলি অনুমান হোৱাৰ লগতে আপ চৰকাৰৰ বিৰোধী কোনোধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই । যদিও হাৰিয়ানাত ৰাষ্ট্ৰীয় বিষয়ত বিজেপি জনপ্ৰিয় বা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৫৮ শতাংশ ভোট লাভ কৰিছিল, কিন্তু মনোহৰ খাট্টাৰৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ ফলত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভৰ পৰা বঞ্চিত হয় । একেদৰে বিশেষকৈ আদিবাসীসকলৰ মাজত ৰঘুবৰ দাসৰ জনপ্ৰিয়তাতো নোহোৱাৰ বাবে লোকসভা নিৰ্বাচনৰ (বিজেপি আৰু এ জে এছ ইউৰ সন্মিলিত ৫৫.৩ শতাংশ ভোট) তুলনাত বিজেপিৰ ভোটৰ হাৰ ২২ শতাংশ হ্ৰাস পায় । ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনতো ৰাজ্য চৰকাৰৰ বিৰুদ্ধে থকা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে মোদীৰ জনপ্ৰিয়তাক নস্যাৎ কৰিছিল । এই ক্ষেত্ৰত আপ চৰকাৰৰ কোনোধৰণৰ প্ৰত্যাহ্বান নাই যেন অনুভৱ হয় ।

দলতকৈ নেতা বিশেষৰ জনপ্ৰিয়তাৰ ওপৰত যি সময়ক নিৰ্বাচন পৰিচালিত হয়, তেনে সময়ত আপ বিজেপিতকৈ সুবিধাজনক স্থিতিত আছে । কিয়নো অতিশয় জনপ্ৰিয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে যুঁজিব পৰা বিজেপিৰ কোনো সমপৰ্যায়ৰ নেতা নাই । দিল্লীত বিজেপিৰ বহু নেতা আছে যদিও তেওঁলোকৰ কোনেও জনপ্ৰিয়তাৰ ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালৰ কাষ চাপিব নোৱাৰে আৰু বিজেপিয়ে খুউব সম্ভৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈহে নিৰ্বাচন খেলিব । নৰেন্দ্ৰ মোদী এতিয়াও দিল্লীৰ ভোটাৰসকলৰ মাজত জনপ্ৰিয় । কিন্তু ‘Delhi Governance Study’ ৰ জৰিয়তে লাভ কৰা তথ্য মতে জনপ্ৰিয়তাৰ ক্ষেত্ৰত কেজৰিৱাল মোদীতকৈ ১০ পইণ্ট আগত আছে । গতিকে যদিহে যুঁজখনত মোদী আৰু কেজৰিৱালৰ মাজত হয়, তেন্তে নিজৰ ৰাজ্যত কেজৰিৱাল অধিক শক্তিশালী স্থিতিত আছে ।

দিল্লীবাসীয়ে ৮ ফেব্ৰুৱাৰীত ভোটদান কৰালৈকে এটা সপ্তাহতকৈ অধিক সময় আছে বাবে আহিবলগীয়া এইকেইটা দিনতে কাহিনীৰ গতি সলনিও হ’ব পাৰে । কিন্তু যদি আপে এই বাক ধাৰা স্থানীয় বিষয়সমূহৰ মাজতে ৰাখিব পাৰে, তেন্তে দলটোৱে দিল্লীত আন এক বিজয়ৰ বাবে নিশ্চিত থাকিব পাৰে ।

সঞ্জয় কুমাৰ চেণ্টাৰ ফৰ দ্যা ষ্টাডী অৱ ডেভলপিং ছ’টাইটীজৰ এগৰাকী অধ্যাপক । লেখাটোত প্ৰকাশিত মতসমূহ তেওঁৰ ব্যক্তিগত ।

আৰু পঢ়ক : ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে বড়ো সকলক কেন্দ্ৰই দিব ৰাজনৈতিক, অৰ্থনৈতিক সুবিধা

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.