ETV Bharat / bharat

COVID-19 ৰোগীৰ বাবে মুকলি ৪৫০ খন বিচনাযুক্ত বুৰাৰী হাস্পতাল

author img

By

Published : Jun 28, 2020, 3:13 PM IST

ৰাজধানী দিল্লীত COVID-19ত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বুৰাৰীস্থিত এখন হাস্পতাল COVID-19ৰ হাস্পতাল হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এই প্ৰস্তাৱক শনিবাৰে অনুমতি প্ৰদান কৰে মন্ত্ৰীপৰিষদে ।

COVID-19
COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে আগবঢ়োৱা হ'ল ৪৫০ খন বিচনাযুক্ত বুৰাৰী হাস্পতাল

নিউজ ডেস্ক, ২৮ জুনঃ শনিবাৰে মন্ত্ৰী পৰিষদে নিৰ্মাণৰত অৱস্থাত থকা ৪৫০ খন বিচনাযুক্ত বুৰাৰী হাস্পতালক সম্পূৰ্ণৰূপে মহামাৰী COVID-19ৰ হাস্পতাল হিচাপে নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে । দিল্লী চৰকাৰে সদৰী কৰা অনুসৰি, বিগত এসপ্তাহ পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নিৰ্মাণৰত ৪৫০ খন বিচনাযুক্ত বুৰাৰীস্থিত এখন হাস্পতাল COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে আগবঢ়াবলৈ প্ৰস্তাৱ দিছিল । এই প্ৰস্তাৱক শনিবাৰে মন্ত্ৰী পৰিষদে অনুমতি প্ৰদান কৰে বুলি সদৰী কৰে দিল্লী চৰকাৰে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে, বৰ্তমান COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে আমাৰ লগত সাজু হৈ আছে ১৩,৫০০ খনতকৈ অধিক বিচনা । কেন্দ্ৰীয় চৰকাৰেও বুৰাৰীস্থিত এখন হাস্পতালত বিচনাৰ সংখ্যা বঢ়াবলৈ ধনৰাশি আগবঢ়াব বুলি অনুমতি দিছে । মই ভাবো ভৱিষ্যতে আমাক আইচিইউ বিচনাৰ আৱশ্যকতা হ'ব । সেইবাবে আমি এই সন্দৰ্ভত কাম কৰি আহিছো ।

উল্লেখ্য যে, দিল্লীত শনিবাৰে নতুনকৈ ২,৯৪৮ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত বৰ্তমান পৰ্যন্ত মুঠ ৮০,১৮৮ গৰাকী ব্যক্তি কৰ'ণা আক্ৰান্ত বুলি সদৰী কৰে স্বাস্থ্য বিভাগে ।

লগতে পঢ়কঃ কোভিড আৰোগ্য কেন্দ্ৰলৈ সহায় প্ৰদান ভাৰতীয় ৰে'লৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.