ETV Bharat / bharat

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট আৰু কিছু সম্ভাৱনা - বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

আজি লোকসভাত উত্থাপন হ’ব মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দিনৰ এঘাৰ বজাত উত্থাপন কৰিব বাজেট ৷ ৰাজ কোষৰ বিত্তীয় ঘাটিক নিয়ন্ত্ৰণ কৰাৰ লগতে আৰ্থিক ব্যৱস্থাত টনকিয়াল আৰু কৰ্মসংস্থাপনৰ গতি অধিক ক্ষীপ্ৰ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা হ’ব এই বাজেটত ৷

মোডী চৰকাৰ-2 ৰ বাজেটৰ মুখ্য দিশ কিছুমান-
author img

By

Published : Jul 5, 2019, 11:06 AM IST

কোন কোন ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব দিয়াৰ সম্ভাৱনা-

  1. বিগত বৰ্ষৰ 2018-2019 বিত্তীয় বাজেটত আৰ্থিক বৃদ্ধি দৰ পাঁচবছৰত নূন্যতম স্তৰ 6.8 শতাংশ হ্ৰাস পাইছে ৷ চলিত বাজেটত এইটো 7 শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য হ’ব ৷
  2. 2018-19 বিত্তীয় বাজেটৰ আৰ্থিক সমীক্ষাত উল্লেখ কৰা হৈছে যে, 2024-25 বৰ্ষলৈ 5000 হাজাৰ আৰৱ ডলাৰ অৰ্থব্যৱস্থালৈ নিয়াৰ বাবে 8 শতাংশ আৰ্থিক বৃদ্ধি কৰাৰ প্ৰয়োজন ৷ যাৰ বাবে বিনিয়োগ, চাহিদা, ৰপ্তানি বৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব ৷
  3. আৰ্থিক বৃদ্ধি গতি দিয়াৰ উদ্দেশ্যে বিত্তমন্ত্ৰীয়ে এইবাৰৰ বাজেটত বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে কিছু শিথিল ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷
  4. ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে নিৰ্বাচনৰ ঘোষণাপত্ৰত প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি লাভ কৰা সকলো খেতিয়কক 60 বৰ্ষৰ পিচত পেঞ্চনৰ ঘোষণা কৰিছিল ৷
  5. সকলো বিমান বন্দৰ, ৰে’ল পথ, ৰাষ্ট্ৰীয় ঘাইপথ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাৰ উদ্দেশ্যে GST ৰ জৰিয়তে পঞ্জীয়ণকৃত সকলো লঘু উদ্যোগ ব্যৱসায়ীক 10 লাখ টকাৰ দুৰ্ঘটনা বীমা, কিষান ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পঞ্জীয়ণকৃত ব্যৱসায়ীক ব্যৱসায়ী ক্ৰেডিট কাৰ্ড দিয়াৰ ঘোষণা কৰা হৈছে ৷
  6. উদ্যোগ জগতৰ সকলো কোম্পানীৰ বাবে কৰ্পৰেট কৰ 25 শতাংশ কৰাৰ দাবী উত্থাপন হৈছে ৷ বৰ্তমান 250 কোটি টকা ব্যৱসায় কৰা কোম্পানীৰ বাবে কোম্পানী কৰ 25 শতাংশ থকাৰ বিপৰীতে অন্যৰ বাবে আছে 30 শতাংশ ৷
  7. ষ্টাৰ্ট আপ ব্যৱসায়ক উৎসাহিত কৰাৰ উদ্দেশ্যে এই বাজেটত কৰ নীতি অধিক যুক্তি সংগত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা ৷
  8. এই বাজেটত অনুসূচীত জাতি-জনজাতি, অন্য পিছ পৰা জনগোষ্ঠীৰ লগতে আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ দ্বাৰা আৰম্ভ কৰা নতুন উদ্যোগীসকলক সহায় প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ যিটো বিজেপিৰ ঘোষণাপত্ৰটো ঘোষণা কৰা হৈছিল ৷
  9. পানী সংৰক্ষণ তথা 2024 চনলৈ প্ৰতিটো ঘৰে-ঘৰে পানী যোগান ধৰা আঁচনীৰ ওপৰতো এই বাজেটত বিশেষ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে ৷
  10. এই বাজেটত খ্যাদৰ ক্ষেত্ৰত ৰাজ সাহাৰ্য সীমিত কৰাৰ অনুমান কৰা হৈছে ৷ আনহাতে নিৱনুৱাৰ ক্ষেত্ৰত কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি কৰা সকলো দিশকে অধিত উৎসাহ জগোৱাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে এই বাজেটত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.