ETV Bharat / bharat

গৃহ অভিমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু! - Migrant worker

লক ডাউন ঘোষণা হোৱাৰ পিছতেই কৰ্মসংস্থানৰ অভাৱত খাদ্য তথা অৰ্থ সংকটত ভোগা শ্ৰমিকসকলৰ সৰহ সংখ্যকেই যিকোনো প্ৰকাৰে নিজ নিজ ঘৰলৈ উভটি যোৱাৰ বাবে বিভিন্ন পন্থা অবলম্বন কৰিছে । ইয়াৰ ভিতৰত বহু শ্ৰমিক নিজ গৃহত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যুমুখত পৰিছে ।

Deaths of Migrant workers on their way to home
গৃহ অভিমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু!
author img

By

Published : May 16, 2020, 4:04 PM IST

নেশ্যনেল ডেক্স,16 মেঃ প্ৰব্ৰজনকাৰী শ্ৰমিকসকল হ'ল অনানুষ্ঠানিক ক্ষেত্ৰসমূহৰ সকলোতকৈ অসুৰক্ষিত শ্ৰেণী । দেশৰ কৰ্মীসংখ্যাৰ 80 শতাংশ হ'ল এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকল আৰু তেঁওলোকৰ ওপৰতেই দেশৰ আন্তঃগাঠনিও তৈয়াৰ কৰা হয় ।

কিন্তু লক ডাউন ঘোষণা হোৱাৰ পিছতেই কৰ্মসংস্থানৰ অভাৱত খাদ্য তথা অৰ্থ সংকটত ভোগা এই শ্ৰমিকসকলৰ সৰহ সংখ্যকেই যিকোনো প্ৰকাৰে নিজ নিজ ঘৰলৈ উভটি যোৱাৰ বাবে বিভিন্ন পন্থা অবলম্বন কৰিছে । ইয়াৰ ভিতৰত বহু শ্ৰমিক নিজ গৃহত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যুমুখতো পৰিছে ।

16 মে,2020- উত্তৰ প্ৰদেশৰ ঔৰাইয়া জিলাত দুখন প্ৰব্ৰজনকাৰী শ্ৰমিক কঢ়িওৱা ট্ৰাকৰ মুখামুখী সংঘৰ্ষত 21 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে 7 জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ।

14 মে,2020- মধ্য প্ৰদেশ গুণা জিলাত শ্ৰমিকৰ ট্ৰাকক তীব্ৰবেগী বাছে খুন্দিওৱাৰ ফলত 8 জন শ্ৰমিকৰ মৃত্যু হয় লগতে 54 জন শ্ৰমিক আহত হয় ।

13 মে,2020- উত্তৰ প্ৰদেশ মুজাফৰপুৰ-ছাহাৰনপুৰ ৰাজ্যিক ঘাইপথত হাৰিয়ানাৰ পৰা বিহাৰ অভিমূখে গৈ থকা 16 জনকৈ শ্ৰমিকক তীব্ৰবেগী বাছে খুন্দিয়াই নিহত কৰে ।

9 মে,2020- মধ্যে প্ৰদেশ নৰসিংহপুৰত দুৰ্ঘটনাত পতিত হৈ 5 জন শ্ৰমিক নিহত আৰু 13 জন আহত হয় ।

8 মে,2020- মহাৰাষ্ট্ৰৰ জলনাৰ পৰা ঔৰাংগাবাদ অভিমূখী মালবাহী ৰে'লে ৰে'ল লাইনত শুই থকা 15 জনকৈ লোকক মহতিয়াই নিয়ে ।

5 মে,2020- উত্তৰ প্ৰদেশৰ মথুৰা জিলাত ট্ৰাক আৰু অটোৰ সংঘৰ্ষৰ ফলত 7 জন শ্ৰমিক নিহত আৰু 2 জন গুৰুতৰভাৱে আহত হয় । আটাইকেইজনেই মধ্য প্ৰদেশৰ ছতৰপুৰৰ নিবাসী আছিল ।

3 মে,2020- মহাৰাষ্ট্ৰত আৰু উৰিষ্যাত দুটা পৃথক পৃথক দুৰ্ঘটনাত উৰিষ্যা অভিমূখী 6 জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হয় । প্ৰথম দুৰ্ঘটনাটোত দুৰ্ঘটনাত পতিত বাছখনে 50 জন শ্ৰমিকক কঢ়িয়াই লৈ গৈছিল । আনহাতে, দ্বিতীয় দুৰ্ঘটনাটোত বাছখনত 50 গৰাকী শ্ৰমিক আছিল ।

1 মে,2020- দিল্লীৰ পৰা বিহাৰ অভিমূখে এটি দলৰ সৈতে চাইকেলেৰে যাত্ৰা কৰা 35 বৰ্ষীয় এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ স্বাস্থ্যৰ অৱনতি ঘটি ছাজাহানপুৰৰ 24 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যু হয় ।

29 এপ্ৰিল,2020- মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ সীমান্তত 1640 কিলোমিটাৰ মাৰাথান যাত্ৰা কৰা শ্ৰমিকৰ এটি দলৰ এজন লোকৰ চাইকেলৰ পৰা পৰি মৃত্যু হয় । মৃত শ্ৰমিকজন মধ্য প্ৰদেশৰ বিজাসেন অঞ্চলৰ তাবাৰাক আনছাৰি ।

28 এপ্ৰিল,2020- মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ সীমান্তৰ আন্তঃজিলা ছেক পোষ্টৰ পৰা পলোৱাৰ সময়তেই এজন 45 বৰ্ষীয় শ্ৰমিকৰ মৃত্যু হয় ।

21 এপ্ৰিল,2020- উত্তৰ প্ৰদেশ অভমুখে খোজকাঢ়ি যোৱাৰ সময়তেই মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ সীমান্তত পূৱ উত্তৰ প্ৰদেশৰ নিৱাসী এগৰাকী শ্ৰমিকৰ মৃত্যু হয় ।

18 এপ্ৰিল,2020- মুলুগু জিলাৰ সীমান্ত অঞ্চলত দিনহাজিৰা কৰা মুৰিয়া সম্প্ৰদায়ৰ এগৰাকী 12 বছৰীয়া কিশোৰীৰ মৃত্যু হয় । মুলুগু জিলাৰ পৰা ছত্ৰিছগড়ৰ বিজাপুৰলৈ খোজকাঢ়ি যোৱাৰ সময়তেই ঘৰ পোৱাৰ 10 কিলোমিটাৰ পূৰ্বে মৃত্যু হয় যুৱতীগৰাকীৰ ।

18 এপ্ৰিল,2020- 48 বৰ্ষীয় এগৰাকী প্ৰব্ৰজক শ্ৰমিকৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ।

2 এপ্ৰিল,2020- হৰিদ্বাৰ-দিল্লী ঘাইপথৰ ৰিলিফ কেম্পত এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হয় ।

1 এপ্ৰিল,2020- প্ৰায় 500 কিলোমিটাৰ খোজকঢ়াৰ অন্তত তেলেংগানাৰ এটি আশ্ৰয়গৃহত এজন 23 বৰ্ষীয় প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হয়

29 মাৰ্চ,2020- হাৰিয়ানাত গাড়ীৰ বাবে ৰৈ থকা উত্তৰ প্ৰদেশ কেইবাজনো শ্ৰমিকক তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে 8 জন শ্ৰমিকৰ মৃত্যু হয় ।

28 মাৰ্চ,2020- দিল্লীৰ এখন হোটেলত হোম ডেলিভাৰী বয় হিচাপে কৰ্মৰত 39 বৰ্ষীয় এজন লোকৰ আগ্ৰাত মৃত্যু হয় । লোকজন মধ্য প্ৰদেশৰ মোৰেণা জিলাৰ নিজ বাসগৃহলৈ উভটি গৈ আছিল ।

28 মাৰ্চ, 2020- তেলেংগানাত পথ দুৰ্ঘটনাত দুটি শিশু সহ 7 জনকৈ শ্ৰমিকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে 6 জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ।

28 মাৰ্চ,2020- মুম্বাই-গুজৰাত ঘাইপথত ট্ৰাকৰ খুন্দাত 4 জনকৈ শ্ৰমিকৰ মৃত্যু হয় ।

28 মাৰ্চ,2020- হাৰিয়ানাৰ পৰা উত্তৰ প্ৰদেশ অভিমূখে গৈ থকা 26 বৰ্ষীয় এজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মোৰাদাবাদত মৃত্যু হয় ।

27 মাৰ্চ,2020- তেলেংগানাত এক পথ দুৰ্ঘটনাত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ এটি দলৰ 8 জনকৈ শ্ৰমিকৰ মৃত্যু হয় । ইয়াৰ ভিতৰত এটি 18 বছৰীয়া শিশু আৰু এজনী 9 বছৰীয়া কিশোৰী আছিল ।

24 মাৰ্চ,2020- তামিলনাডুৰ ৰাছিংগাপুৰমত বনজুঁইত 4 জনকৈ লোকৰ মৃত্যু হয় । ইয়াৰ ভিতৰত এটি 1 বছৰীয়া শিশুও আছিল ।

লগতে পঢ়ক-গুৰুগ্ৰামত বৰ্ণ বৈষম্যৰ বলি মণিপুৰী যুৱতী, NHRC ৰ জাননী জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.