ETV Bharat / bharat

দিল্লীৰ হিংসাত নিহতৰ সংখ্যা 48 জনলৈ বৃদ্ধি! - Death toll in Delhi violence climbs to 48

মঙলবাৰে নতুনদিল্লীৰ গুৰু তেগ বাহাদুৰ হাস্পাতলত এজন 18 বছৰীয়া যুৱকৰ মৃত্যু হয় ৷ উত্তৰ পূব দিল্লীৰ ভজনপুৰা এলেকাত 24 ফেব্ৰুৱাৰীত সংঘটিত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংঘৰ্ষত যুৱকজনে মূৰত আঘাত পাইছিল ৷ বৰ্তমানলৈ দিল্লীৰ হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ সংখ্যা 48 জনলৈ বৃদ্ধি হৈছে ৷

Death toll in Delhi violence climbs to 48
দিল্লীৰ হিংসাত নিহতৰ সংখ্যা 48 জনলৈ বৃদ্ধি!
author img

By

Published : Mar 3, 2020, 11:12 PM IST

নেশ্যনেল ডেস্ক, 3 মাৰ্চ: মঙলবাৰে দিল্লীৰ গুৰু তেগ বাহাদুৰ হাস্পাতলত নিহত হয় এজন 18 বছৰীয়া যুৱক ৷ যুৱকজন আকিব বুলি চিনাক্ত কৰা হৈছে ৷ দিল্লীৰ ভজনপুৰা এলেকাত কা সমৰ্থনকাৰী আৰু বিৰোধীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত যুৱকজনে মূৰত আঘাত পাইছিল ৷ ইয়াৰ পাছতেই যুৱকজনক ভৰ্তি কৰা হৈছিল দিল্লীৰ জিটিবি হাস্পাতলত ৷ কিন্তু যুৱকজনৰ স্বাস্থ্যৰ অৱনতিৰ বাবে পাছত গুৰু তেগ বাহাদুৰ হাস্পাতলত ভৰ্তি কৰা হয় যদিও আজি যুৱকজনৰ মৃত্য হয় ৷ বৰ্তমানলৈ এই সংঘৰ্ষত নিহত হোৱা লোকৰ সংখ্যা 48 জনলৈ বৃদ্ধি পাইছে

অধিক খবৰৰ বাবে: পশ্চিমবংগত বাস কৰা সকলো বাংলাদেশী বৈধ ভাৰতীয় নাগৰিকঃ মমতা বেনাৰ্জী

উল্লেখ্য যে, 24 ফেব্ৰুৱাৰীত উত্তপ্ত হৈ পৰিছিল দিল্লীৰ বিভিন্ন প্ৰান্ত ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত দিল্লীত সাব্যস্ত হৈ আছিল উত্তাল প্ৰতিবাদ ৷ এই আইনখনৰ বিৰোধিতাত যিদৰে অসংখ্য লোক ৰাজপথলৈ ওলাই আহিছিল, ঠিক সেইদৰে আইনখনৰ সমৰ্থন কৰিবলৈ সমবেত হৈছিল শতাধিক লোক ৷ ইয়াৰ পাছতেই দিল্লীৰ ৰাজপথত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিৱেশৰ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত দুয়োপক্ষৰ মাজত মত বিৰোধে শেষত চুড়ান্ত ৰূপ লৈছিল, আৰম্ভ হৈছিল শিলাবৰ্ষণ ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰিছিল আৰক্ষী ৷ বিক্ষোভকাৰী সকলে আৰক্ষীৰ ওপৰতো চলাইছিল আক্ৰমণ ৷ এই হিংসাত্মক ঘটনাত বৰ্তমানলৈ এজন আৰক্ষী হেড কনিষ্ঠবল স্বহীদ হোৱাৰ লগতে মৃত্যু হয় 48 জনকৈ ব্যক্তি ৷

অভিযোগ অনুসৰি, হিংসাত্মক কাৰ্যত জড়িতসকলে দিল্লীৰ বিভিন্ন প্ৰান্তৰ তেল ডিপো আৰু দোকান সমূহত অগ্নি সংযোগ কৰিছিল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে -ঠায়ে জাৰি কৰা হৈছিল 144 ধাৰা ৷ দিল্লীৰ এজন জেষ্ঠ কৰ্মকৰ্তাৰ মত অনুসৰি, দিল্লী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ 369টা গোচৰ ৰুজু কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 1,284 জন লোকক ৷

ইফালে, চহৰখনত যাতে পুনৰাই এই ঘটনা সংঘটিত নহয় অথবা আন কোনো হিংসাত্মক ঘটনাই যাতে দিল্লীৰ ৰাজপথ উত্তপ্ত নকৰে তাৰ বাবে দিল্লী আৰক্ষীয়ে লৈছে আন এক উল্লেখনীয় পদক্ষেপ ৷ '16' নম্বৰৰ এক হেল্পলাইনৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ দিল্লীবাসীয়ে এই নম্বৰৰ জড়িয়তে আৰক্ষীৰ পৰা লাভ কৰিব সহায় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.