ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 39 লৈ বৃদ্ধি

author img

By

Published : Sep 23, 2020, 8:40 AM IST

Updated : Sep 23, 2020, 11:06 AM IST

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি মৃত্যু হোৱা লোকৰ সংখ্যা 39 লৈ বৃদ্ধি পাইছে ৷ প্ৰায় 11 শিশুয়ে ঘটনাত প্ৰাণ হেৰুৱাইছে ৷

প্ৰায় 11 শিশুৰ প্ৰাণহানি
মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 39 লৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ : মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বিল্ডিং খহি মৃত্যু হোৱা লোকৰ সংখ্যা 39 লৈ বৃদ্ধি পাইছে ৷ থানে পৌৰ প্ৰশাসনে মৃত লোকসকলক চিনাক্ত কৰি উলিয়াইছে ৷ উল্লেখ্য যে, 21 ছেপ্তেম্বৰ সোমবাৰে থানে জিলাৰ পেটেল কমপাউণ্ডত পুৱতি নিশা 3:40 বজাত এই তিনি মহলীয়া বিল্ডিংটো খহি পৰিছিল ৷

ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত এনডিআৰএফ বাহিনী, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল৷ বৰ্তমানলৈকে 25 জন লোকক বিল্ডিঙৰ ভগ্নাৱশেষৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷

2 ৰ পৰা 15 বছৰ বয়সৰ 11 শিশুয়ে এই ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ উদ্ধাৰ কৰা লোকসকলক ভিৱাণ্ডী আৰু থানে হাস্পতালত চিকিৎসাধীন কৰা হৈছে ৷ ইয়াৰোপৰি, ঘটনাস্থলীত অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰি উদ্ধাৰকাৰী বাহিনীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ৷

জিলানী নামৰ বিল্ডিংটো 43 বছৰ পুৰণি আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সম্পৰ্কত দুই বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে আৰু বিল্ডিঙৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ থানেৰ পৰা 10 কিল'মিটাৰ নিলগত অৱস্থিত এই বিল্ডিংটোত আছিল 40 টা ফ্লেট আৰু প্ৰায় 150 লোক বসবাস কৰিছিল ৷

লগতে পঢ়ক : ভাৰতে সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিলে ABHYASৰ

Last Updated : Sep 23, 2020, 11:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.