ইণ্টাৰনেশ্যনেল ডেস্ক,8 ফেব্ৰুৱাৰী: চীনত মহামাৰী ৰূপ লোৱা ক'ৰনা ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ সংখ্যা 719 জনলৈ বৃ্দ্ধি হৈছে বুলি প্ৰকাশ চীন চৰকাৰী সূত্ৰৰ ৷চীন চৰকাৰৰ স্বাস্থ্যবিভাগৰ মতে,ক'ৰনা ভাইৰাছৰ কেন্দ্ৰস্থল হুবেই প্ৰদেশত বৰ্তমানলৈ হোৱা মৃত্যুৰ সংখ্যা 699 জন ৷ লগতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা 22,112 জনৰ পৰা 24,953 জনলৈ বূদ্ধি ৷
চীনৰ আঞ্চলিক স্থাস্থ্য কমিটিয়ে দিয়া বিবৃতি মতে, হুবেই প্ৰদেশত ক'ৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ নিউমোনিয়া হোৱা ৰোগীৰ সংখ্যা 24,953 জনৰ বিপৰীতে উহানত 13,603 জন লোক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৷ বৰ্তমানলৈ 19,835 জন লোক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে, এতিয়াও 67,802 জন লোক মেডিকেল পৰ্যবেক্ষণত আছে ৷
বৰ্তমান সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা এই ভাইৰাছবিধ প্ৰথমে হুৱেই প্ৰদেশৰ ৰাজধানী চহৰ উহানত ডিচেম্বৰ মাহত ধৰা পৰিছিল আৰু ইয়াৰ পৰাই ভাইৰাছবিধ বিস্তাৰ হৈ গৈছিল পৃথিৱীৰ বেছিভাগ দেশলৈ ৷ চীনৰ বাহিৰে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ হংকঙৰ এজন, আৰু ফিলিপাইনৰ দুজন লোকৰ মৃত্যু হৈছে ৷
লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ ভিভন্দীত 2.50 কোটি টকাৰ গুটখা জব্দ