ETV Bharat / bharat

মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে ১৮ মহীয়া ৰুদ্ৰ‌ই ! - Jaipur

ৰাজস্থানৰ ৰাজধানী জয়পুৰস্থিত নাহৰগঢ় বায়লʼজিকেল পাৰ্কত থকা ৰুদ্ৰ নামৰ বাঘটোৰ মৃত্যু হয়। বাঘটো যোৱা ৪ জুনৰ পৰা ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

Death of Shan Tiger Rudra of Nahargarh Biological Park

author img

By

Published : Jun 9, 2020, 9:54 PM IST

নিউজ ডেস্ক, ৯ জুন : ৰাজস্থানৰ ৰাজধানী জয়পুৰস্থিত নাহৰগঢ় বায়লʼজিকেল পাৰ্কত থকা ৰুদ্ৰ নামৰ বাঘটোৰ মৃত্যু হয়। বাঘটো যোৱা ৪ জুনৰ পৰা ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কিন্তু চিকিৎসাধীন অৱস্থাতেই আজি ৰুদ্ৰ নামৰ বাঘটোৱে মৃত্যুক আকোঁৱালি লয়। মৃত বাঘটোৰ বয়স ১৮ মাহ বুলি জানিব পৰা গৈছে। ইতিমধ্যে চিকিৎসা বিভাগৰ দ্বাৰা বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰাই থকা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত বাঘটোৰ অন্তিম সৎকাৰ কৰা হ'ব।

বাঘটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছত হে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। সকলোৰে পৰিচিত বাঘটোৰ মৃত্যুত এতিয়া বনকৰ্মী আৰু চিকিৎসাকৰ্মী সকলৰ মিজত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক : শিৱসাগৰৰ আমগুৰিত আটক খাৰুৱা তেল চুৰিৰ বৃহৎ চক্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.