ETV Bharat / bharat

ৱাড়াংগল হত্যাকাণ্ডঃ ফৰেনচিক প্ৰতিবেদন প্ৰকাশ - 9 জনৰে সাতজনৰ দেহত আঘাতৰ চিন সুস্পষ্ট বুলি জনাইছে বিশেষজ্ঞৰ দলটোৱে

তেলেংগানাত কুৱাৰ পৰা উদ্ধাৰ কৰা প্ৰব্ৰজিত শ্ৰমিকৰ পৰিয়ালে আত্মহত্যা কৰা নাই ৷ এই কথা প্ৰকাশ কৰিছে ফৰেনচিক বিশেষজ্ঞই ৷ 9 জনৰে সাতজনৰ দেহত আঘাতৰ চিন সুস্পষ্ট বুলি জনাইছে বিশেষজ্ঞৰ দলটোৱে ৷

ৱাৰাংগল
তেলেংগানাত কুৱাৰ পৰা উদ্ধাৰ কৰা প্ৰব্ৰজিত শ্ৰমিকৰ পৰিয়ালৰ মৃতদেহ
author img

By

Published : May 25, 2020, 1:12 PM IST

নেশ্যনেল ডেস্ক, 25 মে': তেলেংগানাত একেটা পৰিয়ালৰ 9 জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল এটা কুৱাত ৷ ইয়াৰ পাচতে সকলোৱে শ্ৰমিককেইজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছিল ৷ কিন্তু, শেহতীয়াকৈ ফৰেনচিক বিশেষজ্ঞই জানিবলৈ দিয়া অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ পৰা এই কথা উদঘাটন কৰা হৈছে যে, তেওঁলোকৰে সাতজনক টানি নি পানীৰ মাজত পেলাই দিয়া হৈছিল ৷

উল্লেখ্য যে, তেলেংগানাৰ ৱাৰাংগলত এটা কুৱাৰ পৰা একেটা পৰিয়ালৰ শুকুৰবাৰে 5 জন আৰু বৃহস্পতিবাৰে 4 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পাচতে তদন্তৰ বাবে ঘটনাস্থলীত ফৰেনচিক বিশেষজ্ঞৰ এটা দলো উপস্থিত হয় ৷ 9 জনৰে সাতজনৰ দেহত আঘাতৰ চিন সুস্পষ্ট বুলি জানিবলৈ দিয়ে বিশেষজ্ঞ দলে ৷ তেওঁলোকক টানি দি কুৱাত পেলাই দিয়া বুলি পৰীক্ষাত পোহৰলৈ আহিছে ৷

এই সম্পৰ্কত ফৰেনচিক বিভাগে কয় যে, ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হোৱাৰ পাচত এই কথা ক'ব পাৰি যে, শ্ৰমিকসকলে আত্মহত্যা কৰা নাই ৷ এই ঘটনাৰ সৈতে দুই তিনিজন লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে ৷ তেওঁলোকৰ দেহত আঘাতৰ চিন সুস্পষ্ট ৷

মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা এগৰাকী বিশেষজ্ঞই কয়, "তেওঁলোকক পানীলৈ পেলাই দিয়া হৈছে ৷ শিশুজনৰ দেহত কোনো আঘাত নাই ৷ তেওঁলোকক বিষ দিয়া হৈছিল নেকি এই বিষয়ে জানিবৰ বাবে আমি ফৰেনচিক ৰিপোৰ্টৰ বাবে ৰৈ আছো ৷"

আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দুজন লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে ৷ উল্লেখ্য যে, মৃত পৰিয়ালটোৰ মুৰব্বী 48 বৰ্ষীয় প্ৰব্ৰজিত শ্ৰমিকজনে প্ৰায় 20 বছৰ পূৰ্বে পশ্চিম বংগৰ পৰা আহি তেলেংগানাত উপস্থিত হৈছিল ৷ ইয়াৰ পাচৰে পৰা দুটা কোঠাৰ এটা গুদামত বাস কৰি আহিছিল পৰিয়ালটোৱে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.