ETV Bharat / bharat

দ্বিতীয় দিনত ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ শুনানি - বাল্মিকী

উচ্চতম ন্যায়ালয়ত বিতৰ্কিত ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ শুনানিৰ দ্বিতীয় দিন

দ্বিতীয় দিনত ৰাম জন্মভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ শুনানি
author img

By

Published : Aug 7, 2019, 6:45 PM IST

Updated : Aug 7, 2019, 7:21 PM IST

নিউজ ডেস্ক, 7 আগষ্টঃ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া খণ্ড বিচাৰপীঠে অযোধ্যা বিবাদৰ শুনানি আৰম্ভ কৰিছে ৷ বিগত ৮ মাৰ্চত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এফ এম আই কালীফুল্লাৰ অধ্যক্ষতাত গঠিত তিনিজনীয়া মধ্যস্থতাকাৰী কমিটিয়ে বিষয়টোৰ গ্ৰহণযোগ্য সমাধান উলিওৱাত ব্যৰ্থ হোৱাৰ পিছতেই দৈনিক শুনানিৰ সিদ্ধান্ত লয় উচ্চতম ন্যায়ালয়ে ৷

অব্যাহত ৰাম জন্মভূমি বাবৰি মছজিদ ভূমি বিবাদৰ শুনানি

ন্যায়াধীশ কালীফুল্লা নেতৃত্বাধীন কমিটিয়ে প্ৰায় চাৰি মাহ ধৰি বিবাদৰ সমাধানসূত্ৰ উলিওৱাৰ চেষ্টা চলাইছিল যদিও গ্ৰহণযোগ্য সমাধানসূত্ৰ উলিওৱাত ব্যৰ্থ হয় ৷ ইয়াৰ বাবে অযোধ্যাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ ফৈজাবাদত বন্ধ কোঠাৰ ভিতৰত সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনাত বহিছিল কমিটিখনে ৷ বিগত ১৮ জুলাইত উচ্চতম ন্যায়ালয়ে কমিটিখনক ৩১ জুলাই বা ১ আগষ্টৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিছিল ৷ কমিটিখনে আলোচনাৰ মাধ্যমেৰে কোনো গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হ'ব নোৱাৰাত এইদৰে দেশৰ সৰ্বোচ্চ আদালতত দৈনিক শুনানিৰ সিদ্ধান্ত লোৱা হয় ৷

দ্বিতীয় দিনাৰ শুনানিত, ভগৱান ৰামক লৈ হিন্দুসকলৰ মাজত থকা গভীৰ আস্থাই হৈছে অযোধ্যাত ৰামৰ জন্ম হোৱাৰ একমাত্ৰ প্ৰমাণ, এইদৰে উল্লেখ কৰে ৰাম লাল্লা বিৰাজমান নামৰ সংস্থাটোৱে ৷ ভগৱান ৰামৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা কে প্ৰচাৰণে কয় - "ৰাম জন্মভূমি নিজেই নিজৰ এক প্ৰমাণ আৰু হিন্দুসকলৰ বাবে এক পবিত্ৰ উপাসনাস্থলী ৷ ইমান শতিকাৰ পিচত আমি তাৰ প্ৰমাণ বিচাৰি যাব নোৱাৰো যদিও হিন্দুসকলৰ অন্তৰত থকা পবিত্ৰ আস্থাৰ লগতে বাল্মিকীয়ে ৰামায়নত উল্লেখ কৰাৰ দৰে অযোধ্যাই ৰামৰ জন্মভূমি" ৷

Intro:Body:Conclusion:
Last Updated : Aug 7, 2019, 7:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.