ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বলৰামপুৰত বিস্ফোৰক জেকেট উদ্ধাৰ - আক্ৰমণ

উত্তৰ প্ৰদেশৰ বলৰামপুৰত বিস্ফোৰক জেকেটৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ ৷ উদ্ধাৰ কৰা জেকেটটো আত্মঘাতী আক্ৰমণৰ বাবে প্ৰস্তুত কৰা হৈছিল ৷

Day after ISIS operative's arrest, huge amount of explosives recovered in UP's Balrampur
উত্তৰ প্ৰদেশৰ বলৰামপুৰত বিস্ফোৰক জেকেট উদ্ধাৰ
author img

By

Published : Aug 23, 2020, 4:35 PM IST

নিউজ ডেস্ক, 23 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে উত্তৰ প্ৰদেশৰ বলৰামপুৰত বিস্ফোৰক জেকেটৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ জানিব পৰা অনুসৰি, উদ্ধাৰ কৰা জেকেটটো আত্মঘাতী আক্ৰমণৰ বাবে প্ৰস্তুত কৰা হৈছিল ৷

আৰক্ষী সূত্ৰই আকৌ জনোৱা অনুসৰি, দিল্লী আৰক্ষীৰ বিশেষ শাখাই শনিবাৰে ISIS ৰ লগত জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ গ্ৰেপ্তাৰ কৰাৰ পিচত আৰক্ষীৰ তদন্তত তেওঁ দিল্লী আৰু উত্তৰ প্ৰদেশত আক্ৰমণ চলোৱাৰ ষড়যন্ত্ৰ চলোৱাৰ কথা প্ৰকাশ কৰিছিল ৷ আনকি, নিৰ্মীয়মান অৱস্থাত থকা অযোধ্যাৰ ৰাম মন্দিৰ আক্ৰমণৰ কথাও তেওঁ স্বীকাৰ কৰিছিল ৷

উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা লোকজন উত্তৰ প্ৰদেশৰ উটুলা গাঁৱৰ 36 বছৰীয়া মহম্মদ মোস্তাকিম খান ওৰফে আবু ইউসুফ খান বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : দিল্লী এনকাউন্টাৰত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী ISIS সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.