ETV Bharat / bharat

'বায়ু'ৰ কৱলত গুজৰাট : বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা

author img

By

Published : Jun 12, 2019, 3:23 PM IST

অহা 13 জুনত গুজৰাটৰ উপকূলীয় অঞ্চলক কোবাই যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ঘূৰ্ণী বতাহ 'বায়ু' য়ে । ঘন্টাত ১১০ কি. মি. গতিবেগত ৰাজ্যখনক কোবাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে এই দুৰ্যোগৰ বাবে সাজু হৈ থাকিবলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে গুজৰাট চৰকাৰে।

'বায়ু'ৰ কবলত গুজৰাট

নিউজ ডেস্ক,১২ জুন : ভাৰতীয় বতৰ-বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি অহা 13 জুন তাৰিখে গুজৰাটৰ উপকূলীয় অঞ্চলক কোবাই যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ঘূৰ্ণী বতাহ 'বায়ু' য়ে। ঘন্টাত ১১০ কি. মি. গতিবেগত ৰাজ্যখনক কোবাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে এই দূৰ্যোগৰ বাবে সাজু হৈ থাকিবলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে গুজৰাট চৰকাৰে। উপকূলীয় অঞ্চলত ফেৰী সেৱাও বন্ধ ঘোষণা কৰাৰ লগতে স্কুল-কলেজসমূহত ১৩ তাৰিখে বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ লগতে মাছমৰীয়া সকলকো সাগৰৰ পৰা আতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে।

ETV BHARAT ASSAM
'বায়ু'ৰ কবলত গুজৰাট

গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে 'বায়ু'ৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে চৰকাৰী বিষয়া সকলকো জনসাধাৰণৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সাজু কৰি ৰাখিবলৈ আদেশ প্ৰদান কৰিছে। এন ডি আৰ এফৰ ২৫ টাকৈ দলক এই ঘূৰ্ণী বতাহৰ উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে আৰু প্ৰতিটো দলতে ৪৫ জনকৈ উদ্ধাৰকাৰী নিয়োগ কৰা হৈছে । এই দলকেইটাৰ লগত যাৱতীয় সকলো ধৰণৰ সামগ্ৰী মজুত ৰখাৰ লগতে গুজৰাট চৰকাৰে অন্য ১০ টা দলো সাজু কৰি ৰাখিছে অভিযানৰ বাবে ।

'বায়ু'ৰ কবলত গুজৰাট

মুখ্য সচিব জে. এন. সিঙৰ নেতৃত্বত আৰু আৰক্ষী মহানিৰ্দেশক শিৱানন্দ ঝাৰ উপস্থিতিত এক বৈঠকৰো আয়োজন কৰা হয়। ৰাজ্য চৰকাৰে বেৰাবল অঞ্চলৰ ওচৰ-পাজৰৰ ৪০ খন গাঁৱৰ লগতে মেছেজ প্ৰেৰণৰ জৰিয়তে প্ৰায় ৪.৫ লাখ কৃষককো এই সম্পৰ্কত সতৰ্ক কৰি দিছে। ভাৰতীয় নৌ সেনা,ভাৰতীয় উপকূলীয় বাহিনী,স্থল সেনা আৰু বায়ু সেনাকো প্ৰস্তুত কৰি ৰখাৰ লগতে প্ৰয়োজনীয় সময়ত ব্যৱহাৰৰ বাবে হেলিকপ্তাৰো সাজু কৰি ৰখা হৈছে।

ধাৰণা কৰা অনুসৰি, অমৰেলী,গীৰ সোমনাথ,জুনাগড়,পুৰবন্দৰ,বেৰাবল আৰু ভাৱনগৰ জিলাত বেছিকৈ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি, এন ডি আৰ এফৰ ২৭ টাকৈ দল কচ্চ,মালিয়া,লালপুৰ,ওখামন্দল,পুৰবন্দৰ,জাফ্ৰাবাদ,মহুৱা তালালা,ৰাজকোট আৰু জামনগৰত সাজু কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী মহানিৰ্দেশক শিৱানন্দ ঝায়ে।

CYCLONE 'VAYU' WILL HIT GUJARAT

'বায়ু'ৰ কবলত গুজৰাট : বৃহত্তৰ ক্ষয় - ক্ষতিৰ সম্ভাৱনা

নিউজ ডেস্ক, ১২ জুন : ভাৰতীয় বতৰ - বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি, অহা 13 জুন তাৰিখে গুজৰাটৰ উপকূলীয় অঞ্চলক কোবাই যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ঘূৰ্ণী বতাহ 'বায়ু' য়ে । ঘন্টাত ১১০ কি. মি. গতিবেগত ৰাজ্যখনক কোবাই যোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে এই দূৰ্যোগৰ বাবে সতৰ্ক হৈ থাকিবলৈ সতৰ্ক কৰি দিছে গুজৰাট চৰকাৰে । উপকূলীয় অঞ্চলত ফেৰী সেৱাও বন্ধ ঘোষণা কৰাৰ লগতে স্কুল - কলেজসমূহত ১৩ তাৰিখে বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ লগতে মাছমৰীয়া সকলকো সাগৰৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ।

গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে 'বায়ু'ৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে চৰকাৰী বিষয়া সকলকো জনসাধাৰণৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সাজু কৰি ৰাখিবলৈ আদেশ প্ৰদান কৰিছে । এন ডি আৰ এফৰ ২৫ টাকৈ দলক এই ঘূৰ্ণী বতাহৰ উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে আৰু প্ৰতিটো দলতে ৪৫ জনকৈ উদ্ধাৰকাৰী নিয়োগ কৰা হৈছে । এই দলকেইটাৰ লগত যাৱতীয় সকলো ধৰণৰ সামগ্ৰী মজুত ৰখাৰ লগতে গুজৰাট চৰকাৰে অন্য ১০ টা দলো সাজু কৰি ৰাখিছে অভিযানৰ বাবে ।

মুখ্য সচিব জে. এন. সিঙৰ নেতৃত্বত আৰু আৰক্ষী মহানিৰ্দেশক শিৱানন্দ ঝাৰ উপস্থিতিত এক বৈঠকৰো আয়োজন কৰা হয় । ৰাজ্য চৰকাৰে বেৰাবল অঞ্চলৰ ওচৰ - পাজৰৰ ৪০ খন গাঁৱৰ লগতে মেছেজ প্ৰেৰণৰ জৰিয়তে প্ৰায় ৪.৫ লাখ কৃষককো এই সম্পৰ্কত সতৰ্ক কৰি দিছে । ভাৰতীয় নৌ সেনা, ভাৰতীয় উপকূলীয় বাহিনী, স্থল সেনা আৰু বায়ু সেনাকো প্ৰস্তুত কৰি ৰখাৰ লগতে প্ৰয়োজনীয় সময়ত ব্যৱহাৰৰ বাবে হেলিকপ্তাৰো সাজু কৰি ৰখা হৈছে ।

ধাৰণা কৰা অনুসৰি, অমৰেলী, গীৰ সোমনাথ, জুনাগড়, পুৰবন্দৰ, বেৰাবল আৰু ভাৱনগৰ জিলাত বেছিকৈ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি, এন ডি আৰ এফৰ ২৭ টাকৈ দল কচ্চ, মালিয়া, লালপুৰ, ওখামন্দল, পুৰবন্দৰ, জাফ্ৰাবাদ, মহুৱা তালালা, ৰাজকোট আৰু জামনগৰত সাজু কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী মহানিৰ্দেশক শিৱানন্দ ঝায়ে ।  

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.