ETV Bharat / bharat

পশ্চিম বংগত COVID-19 পৰীক্ষণত আম্ফানৰ প্ৰভাৱ

পশ্চিম বংগত COVID-19 পৰীক্ষণ হ্ৰাস পায় বৃহস্পতিবাৰে হৈছিল 4,242 টা আৰু শুকুৰবাৰে হৈছিল 5,355 টা । আনহাতে মঙল আৰু বুধবাৰে সম্পন্ন হৈছিল 8,712 আৰু 8,722 টা পৰীক্ষণ ।

author img

By

Published : May 23, 2020, 9:57 AM IST

আম্ফান
আম্ফান

নিউজ ডেস্ক, 23 মে': বিগত দুটা দিনত COVID-19 পৰীক্ষণৰ পৰিমান অভাৱনীয়ভাৱে কমি গৈছে পশ্চিমবংগত । বিশেষকৈ টেকনিছিয়ান সকল নিজৰ কৰ্মক্ষেত্ৰলৈ যাব নোৱাৰাৰ বাবেই কমি গৈছে পৰীক্ষণ । পথত পৰি থকা গছ, বৈদ্যুতিক খুঁটা আদিৰ বাবেই লেবলৈ যাব পৰা নাই বহু টেকনিছিয়ান । আনহাতে বন্ধ হৈ আছে বহু পৰীক্ষাগাৰো । পশ্চিমবংগৰ প্ৰতিটো পথতে পৰি আছে সহস্ৰাধিক গছ আৰু বৈদ্যুতিক খুঁটা ।

উল্লেখ্য যে, আম্ফান অহাৰ পূৰ্বে মঙলবাৰ আৰু বুধবাৰে ৰাজ্যখনত সম্পন্ন কৰা হৈছিল ক্ৰমে 8,712 আৰু 8,722 টা পৰীক্ষণ । কিন্তু, আম্ফানে চলোৱা ধ্বংসৰ পাচত ইয়াৰ পৰিমান হ্ৰাস পাই বৃহস্পতিবাৰে 4,242 আৰু শুকুৰবাৰে 5,355 হয় ।

ইপিনে বৃহস্পতিবাৰৰ পৰা নতুনকৈ 6 গৰাকী COVID আক্ৰান্ত লোকৰ মৃত্যু হৈছে পশ্চিমবংগত । ইয়াৰ ফলত মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা 193 গৰাকীলৈ বৃদ্ধি পাইছে । ৰাজ্যখনত মুঠ 3,332 টা COVID-19 ঘটনা পোৱা গৈছে , তাৰে ভিতৰত 1,846 টা সক্ৰিয় হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.